আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পঞ্চমটো দিন। সদনত ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিলৰ দিনাত সদনৰ মজিয়াত বিজনীৰ বিধায়ক অৰূপ কুমাৰ দেই বিজনীক সমজিলাৰ মৰ্যদা প্ৰদান কৰাৰ দাবী উত্থাপন কৰে।
বিজনীবাসী ৰাইজে হেঁপাহ উচ্ছাহৰে বাট চাই আছে বিজনীক সমজিলা ঘোষণা কৰিব লাগে। নামনি অসমৰ বিজনী হৈছে ঐতিহ্যমণ্ডিত ঠাই। চিৰাং জিলা ঘোষণা হোৱাৰ আগতে প্ৰত্যেকটো কাম-কাজ বিজনীত হৈছিল বুলি বিধায়ক অৰূপ কুমাৰ দে উল্লেখ কৰে।
তেতিয়া সময়তে ৰজা পৃথি নাৰায়ণ, শিদ্ধিশ্বৰী দেৱী, অবেশ্বৰী দেৱীয়ে বিজনীক ধুনীয়াকৈ সজাই পৰাই তুলিছিল। জিলা হিচাপে যি যোগ্যতা থাকিব লাগে স্বাস্থ্য , শিক্ষা ,বিএড কলেজ আদি সকলোখিনি সুবিধা বিজনীত আছে বুলি বিধায়ক অৰূপ কুমাৰ দে জানিব দিয়ে ।
বিজনী সমষ্টিৰ ৰাইজৰ যি আশা মন্ত্ৰী মহোদয়ে বাস্তৱত যাতে পূৰণ কৰে তাৰে বিধায়ক অৰূপ কুমাৰ দে’ দাবী উত্থাপন কৰে।

