আদিপুৰুষৰ প্ৰচাৰত দেখা পোৱা নাই ছেইফ আলী খানক, বিতৰ্কৰ পৰা আঁতৰি থাকিব বিচাৰিছে নেকি অভিনেতাজনে? আদিপুৰুষ ছবিত ৰাৱণৰ চৰিত্ৰত দেখা যাব অভিনেতা ছেইফ আলী খানক। কিন্তু ছবিখনৰ প্ৰচাৰত তেওঁক দেখা পোৱা নাই। এই সন্দৰ্ভত তেওঁৰ অনুৰাগীসকলে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে। ওম ৰাউতৰ ‘আদিপুৰুষ’ক লৈ দৰ্শকৰ মাজত উন্মাদনা দেখা গৈছে। ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ লগে লগে ৰাইজৰ পৰা লাভ কৰিছে সঁহাৰি। ৰামায়ণৰ আধাৰত নিৰ্মিত ছবিখনত প্ৰভাশক ভগৱান ৰাম, মাতৃ সীতাৰ চৰিত্ৰত কৃতি ছানন আৰু ৰাৱণৰ চৰিত্ৰত ছেইফ আলী খানৰ চৰিত্ৰত দেখা যাব।

ছবিখনৰ ট্ৰেইলাৰ প্ৰচাৰৰ সময়ত প্ৰভাশ আৰু কৃতিক দেখা যায় যদিও এই প্ৰচাৰৰ পৰা দূৰত্ব বজাই ৰাখিছে ছেইফে। এতিয়া অনুৰাগীয়ে এই বিষয়ত প্ৰশ্ন উত্থাপন কৰিছে। এই প্ৰচাৰ অনুষ্ঠানসমূহত ছেইফক কিয় দেখা নাযায় আৰু লগতে অনুৰাগীসকলৰ এটা প্ৰশ্ন আছে যে কিয় ট্ৰেইলাৰতো ছেইফৰ কেইটামান আভাসহে দেখুওৱা হৈছে।এজন Reddit ব্যৱহাৰকাৰীয়ে প্ৰশ্ন কৰে যে আদিপুৰুষৰ প্ৰচাৰত ছেইফক কিয় দেখা নগ’ল। এজন ব্যৱহাৰকাৰীয়ে লিখিছে – বিতৰ্কৰ পৰা হাত সাৰিবলৈ। ছেইফৰ অনুপস্থিতিৰ বাবে ৰাইজৰ মনত বহু প্ৰশ্নৰ উত্থান ঘটিছে। কিছুমানে কয় যে তেওঁ বিতৰ্কিত বক্তব্য দিয়াৰ পৰা বিৰত থাকিব বিচাৰে। আন এজন ব্যৱহাৰকাৰীয়ে ক’লে- ছবিখনৰ শ্বুটিং চলি থকাৰ সময়ত ছেইফে এটা সাক্ষাৎকাৰত কৈছিল যে এই ছবিখনত ৰাৱণক বেলেগ ধৰণেৰে দেখুওৱা হৈছে। হয়তো ইয়াত তেওঁক এজন ভাল মানুহ হিচাপে দেখুওৱা হৈছে। হয়তো ছেইফে এতিয়া এইবোৰ কথা কোৱাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিছে।
একাংশই ছেইফৰ ধৰ্মক লৈও প্ৰশ্ন উত্থাপন কৰি কয় যে হয়তো তেওঁৰ ধৰ্মৰ বাবেই প্ৰমোচনত যোগদান কৰা নাই। প্ৰভাসৰ উপৰিও ছেইফ, কৃতি, ছানী সিং, বাটছাল ছেঠ, সোনাল চৌহান আদিও এই ছবিখনত আছে। ১৬ জুনত মুক্তি পাব এই ছবিখনে।

