টুকটুকীত বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন…

নগাঁও জিলাৰ টুকটুকীত এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে কটহগুৰি মহাবিদ্যালয়ে। জানিব পৰা মতে,কটহগুৰি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোট ,প্ৰাক্তন ছাত্ৰ সন্মিলনৰ উদ্যোগত আৰু I QAC কটহগুৰি মহাবিদ্যালয় আৰু জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ সহযোগত এক বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰিছে।

অহা ১২ জুন সোমবাৰে পূব টুকটুকী বালিকা মুক্তব স্কুলত আয়োজন কৰা বিনামূলীয়া স্বাস্থ্য শিবিৰটোত ১০ জন চিকিৎসকে পুৱা দহ বজাৰ পৰা মেলেৰীয়া চিকিৎসাৰ লগতে অন্যান্য ৰোগৰ চিকিৎসা সেৱা আগবঢ়াব বুলি প্ৰৱক্তা মোজাম্মিল হুছেইন খণ্ডকাৰ আৰু মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সম্পদক মতিবুৰ ৰহমানে সংবাদমাধ্যমক অৱগত কৰে।

বৰছলাৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন

Related Articles