ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত চেনীমাৰী গাওঁ পঞ্চায়ত এলেকাৰ মনুজুলি গাঁৱত কেইবা লক্ষাধিক টকা ব্যয়সাপেক্ষে নিৰ্মাণ কাৰ্য চলাইছিল পকী নলাৰ৷
অভিযোগ অনুসৰি উক্ত পকী নলাৰ ঠিকা লাভ কৰা ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পকী নলাৰ নিৰ্মাণ কাৰ্য চলোৱাত আজি অকস্মাৎ বাগৰি পৰিল মনুজুলি গাঁৱৰ অতিৰিক্ত পানী উলাই যোৱাৰ বাবে নিৰ্মীয়মান পকী নলা৷

ইয়াকে লৈ আজি তদন্তৰ দাবীত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

