Breaking

নগাঁৱৰ পৰা কেদাৰনাথলৈ পদব্ৰজে যুৱকৰ যাত্ৰা

0 132

নগাঁৱৰ পৰা উত্তৰাখণ্ডৰ গাৰৱাল হিমালয়ৰ মন্দাকিনী নদীৰ পাৰত অৱস্থিত কেদাৰনাথলৈ পদব্ৰজে যাত্ৰা নগাঁৱৰ এজন যুৱকৰ।

যুৱকজনৰ নাম পাপ্পু পেটেল। সকলোৰে মংগল তথা বিশ্বশান্তিৰ বাবে সোমবাৰে নগাঁৱৰ পৰা কেদাৰনাথলৈ যাত্ৰা আৰম্ভ কৰে।

নিতৌ গড়ে ৩০ কিলোমিটাৰ পথ খোজ কাঢ়ি প্ৰায় দুমাহৰ পিছত কেদাৰনাথত উপস্থিত হ’ব যুৱকজন।

যুৱকজনৰ এই যাত্ৰাত সকলোৱে সহযোগিতা আগবঢ়োৱাৰ লগতে শুভকামনা জনাইছে।


উল্লেখ্য যে নগাঁৱৰ পৰা কেদাৰনাথ মন্দিৰলৈ দূৰত্ব ২৪২১ কিলোমিটাৰ।

Leave A Reply