বিবাহৰ ১১ বছৰৰ পিছত পিতৃ হ’ল অভিনেতা ৰাম চৰণ। হায়দৰাবাদৰ এপ’ল’ হস্পিতালত তেওঁৰ পত্নী উপাসনাই জন্ম দিলে এটি মৰমলগা কন্যা সন্তান। দক্ষিণৰ চুপাৰষ্টাৰ ৰাম চৰণে বছৰ বছৰ ধৰি অপেক্ষা কৰি থকা দিনটো অৱশেষত আহি পালেহি। ৰাম চৰণ আজি অৰ্থাৎ ২০ জুন তাৰিখে এগৰাকী কন্যা সন্তানৰ পিতৃ হৈ পৰিছে। বহুদিন ধৰি চিৰঞ্জীৱ পৰিয়ালে এই বিশেষ মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছিল, এতিয়া আনন্দ জোৱাৰ বিয়পি পৰিছে পৰিয়ালটোত। উপাসনাৰ গৰ্ভধাৰণক লৈ বহুদিন ধৰি আলোচনা চলিছিল। শেহতীয়াকৈ ৰাম চৰণ আৰু উপাসনাই বিবাহৰ ১১ বছৰীয়া জয়ন্তী উদযাপন কৰে। ২০১২ চনৰ ১৪ জুনত ৰাম চৰণ আৰু উপাসনাই বিবাহপাশত আবদ্ধ হৈছিল।
It’s been an awesome 11 years
— Upasana Konidela (@upasanakonidela) June 14, 2023@AlwaysRamCharan pic.twitter.com/6Y7d7vfwvB
দক্ষিণৰ ছুপাৰষ্টাৰ চিৰঞ্জীৱী এতিয়া দাদা আৰু পত্নী সুৰেখা আইতা হৈ পৰিছে। এই খবৰৰ আগমনৰ পিছত ৰাম চৰণ আৰু উপাসনাৰ পৰিয়ালটোলৈ সুখ আহিছে। ‘আৰ আৰ আৰ’ই ৰাম চৰণক বিশ্ব পৰ্যায়ত প্ৰচণ্ড স্বীকৃতি প্ৰদান কৰিছে। অনাগত দিনত তামিল-তেলেগু দ্বিভাষিক ‘গেম চেঞ্জাৰ’ত ৰাম চৰণক দেখা যাব। কিয়াৰা আদৱানীয়েও তেওঁৰ সৈতে এই চিনেমাখনত কাম কৰি আছে। ইয়াৰ উপৰিও অভিনেতাগৰাকীৰ পৰিচালক বুচি বাবু ছানাৰ এখন শিৰোনামহীন চিনেমাও আছে।