দীৰ্ঘদিন ধৰি বিধ্বস্ত হৈ পৰা ঐতিহাসিক ধোদৰ আলি মেৰামতিৰ ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত আজি অসমীয়া যুৱ মঞ্চই শিৱসাগৰৰ আমগুৰি নামতি চাৰি আলিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

লগতে সংগঠনটোৱে নামতি আৰু আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ যোগেদি জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে | পথ মেৰামতিৰ বাবে সংগঠনটোৱে ১৫ দিনৰ সময় সীমা বান্ধি দিছে। অন্যথা লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী লোৱাৰো হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে।

