ধুবুৰীৰ ৰাজীৱ গান্ধী শিশু উদ্যানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে I Love Dhubri চিম্বল

বুধবাৰে ধুবুৰীৰ ৰাজীৱ গান্ধী শিশু উদ্যানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে I Love Dhubri চিম্বল৷

চিম্বলত টেৰাকটা শিল্পী ৰ দ্বাৰা নিৰ্মিত আৰ্হিৰে ধুবুৰীৰ বিভিন্ন কলা কৃষ্টি আৰু ঐতিহাসিক কীৰ্তিচিহ্ন সমূহ প্ৰদৰ্শন কৰিছে শিশু উদ্যানটোৰ পৰিচালক সকলে।

শিশু উদ্যানৰ সভাপতি ৰাজীৱ শৰ্মা, সম্পাদক অমিত চক্ৰৱৰ্তী আৰু কোষাধ্যক্ষ বিনোদ কুন্ডুলিয়াৰ আপ্ৰাণ চেষ্টাত এই চিম্বলে আজি পূৰ্ণাংগ ৰূপ পাবলৈ সক্ষম হয়।

এই চিম্বল নিৰ্মাণকাৰক হৈছে স্থানীয় নাজামুল হুছেইন আৰু তেৰাকটা শিল্পী দেবদাস পাল।

এই চিম্বলৰ ডিজাইন কৰিছে পার্কখনৰ সভাপতি ৰাজীৱ শৰ্মাই।

Related Articles