সাহসিকতা, মানৱতাৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰা উত্তৰ গুৱাহাটীৰ জিতু পাঠকক কামৰূপৰ উপায়ুক্তৰ সম্বৰ্দ্ধনা

সাহসিকতা তথা মানৱতাৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰি সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰা উত্তৰ গুৱাহাটীৰ অভয়পুৰ নিৱাসী, আভ্যন্তৰিণ জল পৰিবহন বিভাগৰ অস্থায়ী কৰ্মচাৰী জিতু পাঠকক বৃহস্পতিবাৰে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে তেওঁৰ কাৰ্যালয়ৰ কক্ষত বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

উল্লেখ্য যে যোৱা ১৯ জুনত মধ্যমখণ্ড ঘাটত জিতু পাঠকে এগৰাকী মহিলাক ভৰা ব্ৰহ্মপুত্ৰৰ পৰা নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি জীৱন্তে উদ্ধাৰ কৰি এক বিৰল সাহসিকতা তথা মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে।

সেয়েহে উপায়ুক্ত কীৰ্তি জল্লীয়ে আজি তেখেতৰ এই মানৱ দৰদী কৰ্মক প্ৰশংসা কৰি জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰে। সম্বৰ্দ্ধনা জ্ঞাপন কৰি উপায়ুক্ত গৰাকীয়ে জিতু পাঠকৰ সাহসিকতা তথা মানৱ দৰদী কৰ্মই হেজাৰ জনক বিপদাপন্ন তথা আৰ্তজনক সহায় কৰাৰ দিশত আগবাঢ়ি আহিবলৈ প্ৰেৰণা যোগাব বুলি কয়। জিলা উপায়ুক্তই লগতে জিতু পাঠকৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে ভৱিষ্যতেও তেখেতে সমাজ তথা দহৰ হিতৰ হকে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে।

সম্বৰ্দ্ধনা জ্ঞাপনৰ সময়ত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত ক্ৰমে সুজাতা গগৈ, প্ৰাণজিৎ কুমাৰ দেৱ, কামৰূপ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰাজীৱ দত্ত চৌধুৰী, কামৰূপ জিলাৰ জেষ্ঠ সাংবাদিক ক্ৰমে দিগন্ত বৰদলৈ, ৰূপক ডেকা, দ্বীপেন বায়ন আৰু উৎপল তামুলীও উপস্থিত থাকে।

Related Articles