শিৱসাগৰৰ নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় প্ৰাংগণৰ পৰা নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ চাইকেল ৰেলী কাৰ্যসূচী। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্য চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত আজি শিৱসাগৰৰ নামতিত নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে এক চাইকেল ৰেলী কাৰ্যসূচী।
এই কাৰ্যসূচীত কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে। ৰেলীৰ অন্তত অনুষ্ঠিত হ’ব এখন প্ৰতিবাদী সভা।

