সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে বিলাসীপাৰাত তীব্ৰ প্ৰতিবাদ…

সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে বিলাসীপাৰাত তীব্ৰ প্ৰতিবাদ। বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত বিলাসীপাৰা জিলা AIUDF ৰ। বিলাসীপাৰা পূব আৰু পশ্চিম বিধান সভা সমষ্টি বিলুপ্তি ঘটোৱা কাৰ্যত জাঙুৰ খাই উঠিছে AIUDF ৰ নেতা কৰ্মী সকলে।


বিলাসীপাৰাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত AIUDF ৰ শ শ নেতা কৰ্মীয়ে সাব্যস্ত কৰে এই প্ৰতিবাদ। প্ৰতিবাদী কাৰ্যসূচীত পূব বিলাসীপাৰাৰ বিধায়ক ছামছুল হুদায়েও অংশ গ্ৰহণ কৰে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিলাসীপাৰা পূব আৰু পশ্চিম সমষ্টি দুটা বাহাল ৰখাৰ বাবে নিৰ্বাচনী আয়োগক দাবী জনায়। সমষ্টি দুটা বাহাল ৰখাৰ দাবীত মহকুমাধিপতিৰ জৰিয়তে নিৰ্বাচন আয়োগলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

বিলাসীপাৰাৰ পৰা ছুৰুত জামানৰ প্ৰতিবেদন

Related Articles