বিশ্ব চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি পহিলা জুলাইৰ সন্ধিয়া নগাঁও লায়ঞ্চ ক্লাৱৰ নৱনিৰ্বাচিত সভাপতি তথা বিশিষ্ট সমাজকৰ্মী ৰূপৰঞ্জন দাসৰ লগতে নগাঁৱৰ সমূহ লায়ন সদস্যই নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট চিকিৎসকদ্বয় অৱসপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দিলীপ কুমাৰ ভূঞা আৰু ডাঃ দিলীপ কুমাৰ শৰ্মাৰ নিজা বাসগৃহত উপস্থিত হৈ দুয়োকে দীৰ্ঘদিন চিকিৎসা সেৱাৰ দৰে এক পৱিত্ৰ বৃত্তিত জড়িত হৈ সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক সকলক সেৱা কৰি যি অৱদান সমাজ জীৱনলৈ আগবঢ়ালে সেই উদ্দেশ্য তেওঁলোকক একোখনিকৈ ফুলাম গামোচাৰ লগতে এটি স্মাৰকৰে সম্বধৰ্না জনাই।

লগতে লায়ঞ্চ ক্লাৱ নগাঁৱৰ তৰফৰ পৰা তেওঁলোক দুয়োজনৰে দীৰ্ঘায়ু কামনা কৰে। ইয়াৰ ওপৰিও ডাঃ পাৰ্থ সাৰথি ভূঞা আৰু বিজয়লক্ষ্মী কাকতিকো লায়ঞ্চ ক্লাৱৰ তৰফৰ পৰা সম্বধৰ্না জনোৱা হয় ৷

