Breaking

খাদ্যক সুখৰ আধাৰ বুলি কিয় কোৱা হয় জানক…

0 100

শৰীৰৰ বৃদ্ধি তথা বিকাশৰ বাবে খাদ্য অপৰিহাৰ্য। খাদ্যৰ ওপৰত হোৱা পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে ওলাই পৰা মতে, দেহৰ প্ৰয়োজন অনুসৰি খাদ্য তিনিপ্ৰকাৰৰ- শক্তিদায়ক, দেহবৰ্দ্ধক তথা দেহৰক্ষক। শৰীৰৰ বিভিন্ন কাৰ্য সম্পাদনৰ বাবে শক্তি অপৰিহাৰ্য, যি শক্তি ভাত, ৰুটী আদিৰ দৰে খাদ্যৰ পৰা আহৰণ কৰা হয়।

দেহৰ বৃদ্ধি তথা বিকাশৰ বাবে প্ৰ’টিনৰ আৱশ্যক। ইয়াক দাইল, গাখীৰ, মাছ, মাংস, কণী আদিত পোৱা যায়। আনহাতে, শাক-পাচলি, ফল-মূল আদিত প্ৰচুৰ পৰিমাণে থকা খাদ্যপ্ৰাণ তথা খনিজ লৱণ আদি উপাদানে শৰীৰক বেমাৰ-আজাৰৰ আক্ৰমণৰপৰা ৰক্ষা কৰে বাবে এই ধৰণৰ খাদ্য দেহৰক্ষক। আমেৰিকাৰ চিকিৎসক তথা গ্ৰন্থকাৰ ছৰাহ ব্ৰিৱেৰৰ মতে, খাদ্যত সুখৰ অনুভূতি জগাব পৰা কৌশল আছে যিয়ে কঁকালৰ ঘেৰ পৰিপাটীকৈ ৰাখি সুখৰ হৰম’ন মুকলি কৰে। তেওঁৰ মতে খাদ্যবস্তুবোৰৰ ৰাসায়নিক ধৰ্মবোৰৰ বুজ লৈ সেইবোৰে আমাৰ আৱেগৰ ওপৰত কেনেধৰণৰ কাম কৰে, তাক বুজি ল’ব লাগে।

ডাঃ ব্ৰিৱেৰে কোৱা মতে, খাদ্যই নিঃসন্দেহে মেজাজৰ ওপৰত মুখ্য প্ৰভাৱ বিস্তাৰ কৰে। উদাহৰণস্বৰূপে মাছত থকা ওমেগা-৩ স্নেহ অম্লই মানসিক অৱস্থাৰ অৱনতি অৱনতি ঘটাৰ ফলত মনত উদ্ভৱ হোৱা বিষণ্ণতাই কৰিব পৰা ক্ষতিৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। আনহাতে, উচ্চ চৰ্বিযুক্ত খাদ্যৰপৰা নিম্ন চৰ্বিযুক্ত খাদ্যলৈ পৰিৱৰ্তন সাধন কৰিলে লোকৰ মানসিক চাপৰ অনুভূতি বৃদ্ধি পাব পাৰে। খাদ্যৰ এনে ধৰণৰ পৰিৱৰ্তন ঘটিলে মানুহৰ খঙৰ অনুভূতি বৃদ্ধি পায় আনকি বৈৰীতাৰ অনুভৱো বাঢ়ি যাব পাৰে। খাদ্যত থকা কেতবোৰ উপাদানে সেই খাদ্য ভক্ষণ কৰা লোকৰ মেজাজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। কেতবোৰ খাদ্যই ছে’টনিন নামৰ ৰাসায়নিক উৎপাদন কৰে যিবোৰে মগজুৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰি সুখানুভূতিৰ সুন্দৰ পৰিৱেশ গঢ়ি তুলিব পাৰে।

Leave A Reply