বিদ্যা বালান শিল্পা শেট্টী, মলাইকা অৰোৰাৰ স্কুলীয়া দিনৰ বহু ধেমেলীয়া কথা! বহুদিনৰ মূৰত অভিনেত্ৰী বিদ্যা বালনে অভিনয় কৰিছে ‘নিয়ত’ ছবিৰ সৈতে। দীৰ্ঘদিন ধৰি তেওঁৰ অনুৰাগীসকলে তেওঁৰ নতুন প্ৰজেক্টৰ বাবে অপেক্ষা কৰি আছিল। বৰ্তমান বিদ্যা বালনৰ সদ্য মুক্তি প্ৰাপ্ত ছবি ‘নিয়ত’ৰ বাবে লাইমলাইটত আছে। বক্স অফিচত ছবিখনে ভাল প্ৰদৰ্শন কৰিছে। ইফালে বিদ্যা বালানে স্কুলীয়া দিনৰ কথা মনত পেলাই কয় যে স্কুলত শিল্পা শ্বেট্টী ছিনিয়ৰ আছিল আৰু বাস্কেটবল শিকাইছিল। আনহাতে মালাইকা অৰোৰাই ফৰাচী টিউচন কৰিছিল।
ইউটিউব চেনেল কাৰ্লি টেলছক দিয়া এক সাক্ষাৎকাৰত বিদ্যা বালানে স্কুলীয়া দিনৰ কথা মনত পেলাই কয় যে স্কুলীয়া দিনত শিল্পা শ্বেট্টী তেওঁৰ তুলনাত ৩ বছৰ জ্যেষ্ঠ আছিল। তেওঁ ক’লে, ‘মই ভাবো শিল্পা মোতকৈ তিনিবছৰ ডাঙৰ আছিল, শিল্পা আকৰ্ষণীয় আছিল। শিল্পাই আমাক বাস্কেটবল শিকাইছিল। মালাইকাৰ কথা কওঁতে বিদ্যাই ক’লে, “মলাইকা অৰোৰাও আছিল আন এখন স্কুলৰ ছাত্ৰী, কিন্তু মোৰ মনত আছে মালাইকা এক নিৰ্দিষ্ট সময়ত মোৰ ঘৰৰ সন্মুখেৰে ফৰাচী টিউচনৰ বাবে গৈছিল আৰু সকলো ল’ৰাই ৰ’ লাগিল চাইছিল।”

