নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত দক্ষিণপাট-ডাকৰঘাট-শিয়ালমাৰী সংযোগী পথটিৰ বহলিকৰণ আৰু মেৰামতিৰ আধাৰশিলা অনুষ্ঠান মঙলবাৰে বিয়লি সম্পন্ন হয় ৷
এই উপলক্ষে আধাৰশিলাৰ শুভ উদ্বোধন কৰি বিধায়ক ৰূপক শৰ্মাই ৰাইজক উদেশ্যি কয় যে, “চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলৰ বাট পথ সমূহৰ উন্নয়নৰ তৰান্বিত কৰাই হল আমাৰ প্ৰধান লক্ষ্য। ৰাইজে যান-যঁটৰ সমস্যা দূৰিকৰণৰ বাবেই দক্ষিণপাটৰ পৰা শিয়ালমাৰীলৈকে প্ৰায় ১২কোটি টকা ব্যয় সাপেক্ষে এই পথচোৱাৰ আধাৰশিলাৰ শুভ উদ্বোধন কৰা হয়। বিগত বিজেপি চৰকাৰৰ কাৰ্যকালত সমগ্ৰ পাখিমৰীয়া মৌজাৰ অভিলেখ সংখ্যক পথ নিৰ্মাণ আৰু মেৰামতি কৰা হৈছে”।

বিধায়ক গৰাকীয়ে লগতে কয় কয় যে “সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লেও অনাগত দিনতো মই পাখিমৰীয়া মৌজা বাসী ৰাইজৰ লগত চিৰদিন আছো”।
পাখিমৰীয়া মণ্ডল বিজেপিৰ সভাপতি নৰেন চন্দ্ৰ দাসে অনুষ্ঠানটিত দক্ষিণপাট গাঁও পঞ্চায়তৰ সভাপতি যুগপ্ৰসাদ বৰদলৈ,তুলসীদেউৰী পঞ্চায়তৰ সভাপতি ভদ্ৰ দাস,আঞ্চলিক পঞ্চায়তৰ সদস্যা অনিতা বৰা, দক্ষিণপাট সমবায় সমিতিৰ সভাপতি ঘন দাস,সহকাৰী কাৰ্যবাহী অভিযন্তা মৃনাল বৰা,কনিষ্ঠ অভিযন্তা হেমন্ত গিৰী বৰা, যুৱ নেতা অনৱ দাস , ঠিকাদাৰ মোহিত নাহাতাৰ লগতে অন্যান্য সকল উপস্থিত থাকে।
উল্লেখ যে এই পথচোৱাৰ সৰ্ব্বমুঠ ১৩ কিলোমিটাৰ দৈৰ্ঘ্য হোৱাৰ লগতে পথচোৱাৰ বহল হ’ব প্ৰায় চাৰে পাঁচ মিটাৰ ৷ অনুষ্ঠানত প্ৰায় পাঁচ শতাধিক স্থানীয় লোক উপস্থিত থাকে ৷

