সৰুপথাৰ সমষ্টিত একেদিনাই ৫ টা জলজীৱন আঁচনিৰ শুভ উদ্বোধন বিধায়ক বিশ্বজিৎ ফুকনৰ

জলজীৱন আঁচনিৰ অধিনত ঘৰে ঘৰে পানী যোগান ধৰাৰ উদ্দেশ্যে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত স্থাপন কৰা হৈছে পানী যোগান আঁচনি।

বুধবাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সৰুপথাৰ উপসংমণ্ডল কাৰ্যালয়ৰ অধীনত সমষ্টিটোৰ অন্তৰ্গত ৫ টা স্থানত ৫ টা জলজীৱন আঁচনিৰ শুভ উদ্বোধন কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে।

জন স্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট সংমণ্ডলৰ কাৰ্যৱাহী অভিযন্তা মতিউৰ ৰহমানৰ উপস্থিতিত বিধায়ক বিশ্বজিৎ ফুকনে গেলাবিল পঞ্চায়তত ৭৭.৯৫ লাখ টকা ব্যয় কৰি নতুনকৈ নিৰ্মান কৰা ৰেংমা বাগান পানীযোগান আঁচনি, টেঙাহোলা পঞ্চায়তত মৰাণগাওঁ পানীযোগান আঁচনি (১৫৩.৮৫) , পশ্চিম বৰপথাৰত ২নং দুৱৰণী পানী যোগান আঁচনি(১২৫. ১৬ লাখ টকা) , নটেঙানী পানীযোগান আঁচনি (১৩৬. ৫৪ লাখ টকা) আৰু শিঙিমাৰি টি.ই. (৯৫.৬৯লাখ টকা) পানীযোগান আঁচনি শুভ উদ্বোধন কৰে ।

বিধায়কজনে আঁচনিকেইটা শুভ উদ্বোধন কৰি বৰ্তমান সময়ত বিশুদ্ধ খোৱা পানী প্ৰয়োজনীয়তা সন্দৰ্ভত ৰাইজৰ আগত বক্তব্য ডাঙি ধৰে। লগতে পানীৰ সৎ ব্যৱহাৰ কৰাৰ লগতে চৰকাৰী ভাৱে পাইপ যোগে যোগান ধৰা বিশুদ্ধ পানী খাবৰ বাবে আহ্বান জনায় ৷

বিধায়ক গৰাকীয়ে বিশুদ্ধ খোৱা পানীয়ে বহু ৰোগৰ পৰা ৰক্ষা কৰা, পানীযোগান আঁচনিৰ যোগেদি প্ৰতিটো পৰিয়ালে ৫৫ লিটাৰকৈ দৈনিক বিশুদ্ধ খোৱা পানী যোগান ধৰা হব বুলি মন্তব্য কৰাৰ লগতে জলজীৱন আঁচনিৰ ৰূপায়নৰ বাবে সৰুপথাৰ সমষ্টিলৈ বিগত দুটা বছৰত প্ৰায় ৩০০ কোটিৰো অধিক টকা চৰকাৰে আৱন্টন দিয়া বুলি জানিবলৈ দিয়ে।

পানীযোগান আঁচনিৰ শুভ উদ্বোধন অনুষ্ঠানত মহকুমাধিপতি দিনছেংফা বৰুৱা, সহকাৰী অভিযন্তা অনুজ কুমাৰ বৰা, বৰপথাৰৰ পৌৰপতি সঞ্জীৱ বৰুৱা আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

উক্ত আঁচনিকেইটাৰ জড়িয়তে ৭৮৬ টা পৰিয়ালে দৈনিক ৫৫ লিটাৰকৈ বিশুদ্ধ খোৱা পানী লাভ কৰিব।অন্যহাতে কাৰ্যৱাহী অভিযন্তা মতিউৰ ৰহমানে জানিবলৈ দিয়া মতে সৰুপথাৰ উপ সংমণ্ডলৰ অধীনত নতুনকৈ ২৯৩ টা পানীযোগান প্ৰকল্প আৱন্টন কৰা হৈছে আৰু ইয়াৰে ২১ টা প্ৰকল্প সম্পৰ্ণ হোৱাৰ লগতে ১৯৫ টা প্ৰকল্পৰ কাম চলি থকাৰ সমান্তৰালকৈ ১১২ টা পুৰনা প্ৰকল্প সংবৰ্দ্ধন কৰাৰ বাবে বিভাগীয় ভাৱে আৱন্টন লাভ কৰিছে আৰু ৯৩ টা আঁচনিৰ কাম সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে ৷

Related Articles