বিয়াৰ পিছত অভিনয় কৰাত বাধা প্ৰদান স্বামীৰ! জেনেলিয়া দেশমুখে ক’লে সকলো কথা। অভিনয় আৰু কেৰিয়াৰক লৈ বহু কথা প্ৰকাশ কৰিলে জেনেলিয়া দেশমুখে। অবিনেত্ৰীগৰাকীয়ে কয় যে পতি ৰিতেশে তেওঁক কেতিয়াও অভিনয়ত বাধা দিয়া নাই। জেনেলিয়া দেশমুখ আৰু ৰিতেশ দেশমুখৰ যুটিটো বলীউডৰ অন্যতম শ্ৰেষ্ঠ যুটি বুলি গণ্য কৰা হয়। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক ৰিতেশে অভিনয়ত বাধা প্ৰদান কৰিছে নেকি বুলি সোধা হৈছিল, যাৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয় যে অভিনয় কৰা বা নকৰাটো মোৰ সিদ্ধান্ত। মোৰ স্বামীয়ে অভিনয়ৰ ক্ষেত্ৰত মোক কেতিয়াও বাদা প্ৰদান কৰা নাই।
জেনেলিয়া আৰু ৰিতেশৰ বিবাহ ২০১২ চনত হৈছিল। বিয়াৰ পূৰ্বেও দুয়োৰে মাজত বহুদিন সম্পৰ্ক আছিল। বিবাহৰ দুবছৰৰ পিছত তেওঁলোকৰ প্ৰথম সন্তান ৰিয়ানৰ জন্ম হয় আৰু ২০১৬ চনত তেওঁলোকৰ দ্বিতীয় সন্তানৰ জন্ম হয়। তেওঁলোকৰ দ্বিতীয় সন্তানৰ নাম ৰাহিল দেশমুখ । অতি সোনকালে অভিনেত্ৰী জেনেলিয়াক আলেয়া সেনৰ ছবি ট্ৰাইল পিৰিয়ডত দেখা যাব।জেনেলিয়াৰ উপৰিও এই ছবিখনত শক্তি কাপুৰ, গজৰাজ ৰাও, শ্বীবা চাড্ডা আৰু জিদান ব্ৰাছেও অভিনয় কৰিছে।এই ছবিখন ২১ জুলাইত জিঅ’ চিনেমাত মুক্তি পাব।

