ধিঙত আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ তিনি চোৰক গ্ৰেপ্তাৰ…

ধিঙত আন্তঃ ৰাজ্যিক গাড়ী চুৰি চক্ৰৰ তিনি কুখ্যাত চোৰক গ্ৰেপ্তাৰ । ধিং আৰক্ষীৰ জালত তিনি কুখ্যাত আন্তঃ ৰাজ্যিক গাড়ী চুৰি চক্ৰৰ সদস্য । অভিযোগ অনুসৰি কিছুদিন পূৰ্ব্বে ধিঙৰ লাঙ্গিয়াৰ ছফিকুল ইছলামৰ এখন টাটা মবাইল‌ যোদ্ধা গাড়ী গুলজাৰ হুছেইন, ছাদ্দাম হুছেইন আৰু আনোৱাৰ হুছেইনে চুৰি কৰি লৈ যায় । এই তিনি কুখ্যাত চোৰে প্ৰথমে গাড়ীখন চুৰি কৰি হাৰমতিলৈ লৈ যায় আৰু হাৰমতিৰ পৰা অন্য গাড়ী চুৰি চক্ৰৰ সদস্যৰ সহযোগত অৰুনাচললৈ লৈ যায় ।

উল্লেখ্য যে, গুলজাৰ হুছেইন গাড়ীখনৰ চালক হোৱা বাবে গাড়ীখনৰ মালিক ছফিকুল ইছলামৰ সন্দেহ হোৱাত গাঁওৰক্ষী বাহিনীৰ সহযোগত সোধপোছ কৰাত গাড়ীখন চুৰি কৰা বুলি স্বীকাৰ কৰা লগতে‌ কোন কোন জড়িত আছিল সকলো কথা অৱগত কৰে , পাছত ডুমডুমীয়া উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত আৰক্ষীৰ এটা দলে অৰুনাচলৰ এক দুৰ্গম পাহাৰীয়া অঞ্চলৰ পৰা উদ্ধাৰ কৰে এই চুৰি গাড়ীখন।

Related Articles