ক্ষেত্ৰীৰ ২ নং টেঘেৰিয়াৰ নলগেদেৰাত চৰকাৰী ভূমিত চলিছে অবৈধ পাহাৰ খনন

সোণাপুৰ ৰাজহ চক্রৰ অন্তৰ্গত ডিমৰীয়া মৌজাৰ ক্ষেত্ৰীৰ ২ নং টেঘেৰিয়াৰ নলগেদেৰাত চৰকাৰী ভূমিত চলিছে অবৈধ পাহাৰ খনন। সেউজীয়া পাহাৰক ধ্বংস কৰি এফালৰ পৰা দুষ্ট চক্ৰই চলাইছে অবৈধ পাহাৰ খনন। অবাধ হাৰত পাহাৰ খননে কেৱল প্ৰকৃতি ধ্বংসই নহয় ডিমৰীয়াৰ জনজীৱনলৈও চৰম ভাবুকি কঢ়িয়াই আনিছে। এই ক্ষেত্ৰত ডিমৰীয়া মৌজাৰ ক্ষেত্ৰীৰ ২ নং টেঘেৰীয়াৰ নলগেদেৰাত অবাধ হাৰত পাহাৰ খননৰ সন্দৰ্ভত সোণাপুৰত এক সংবাদমেল সম্বোধন কৰে দেউৰী পিপলছ জাষ্টিছ ফৰাম আৰু কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতিয়ে।

কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতিৰ সভাপতি প্ৰদীপ কলিতাই কয় যে ডিমৰীয়া মৌজাৰ ক্ষেত্ৰীৰ ২ টেঘেৰীয়াৰ নলগেদেৰাত ৭২,৭৩ নং দাগৰ চৰকাৰী ভূমি অবৈধ ভাবে ওম কনষ্টাচন নামৰ প্রতিস্থানটোৱে অবাধ হাৰত প্রতিদিনে চলাইছে সেউজীয়া পাহাৰ ধ্বংসযজ্ঞ। সংবাদ মেলত প্ৰদীপ কলিতাই জানিবলৈ দিয়া অনুসৰি এই পাহাৰ খননৰ সন্দৰ্ভত সোণাপুৰ বনাঞ্চলিক বিষয়া , সোণাপুৰ ৰাজহ চক্র বিষয়াক বিষয়টোৰ সন্দৰ্ভত অৱগত কৰাত তেনে ওম কনষ্টাচন নামৰ প্ৰতিষ্ঠানক পাহাৰ খননৰ কোনো অনুমতি দিয়া নাই বুলি কয়। তেনেক্ষেএত কাক অধিক ধনেৰে মেনেজ কৰি ডিমৰীয়াৰ চিৰসেউজীয়া পাহাৰ ধ্বংস কৰিবলৈ মৰসাহ কৰিছে এই বহিৰাগত প্ৰতিষ্ঠানটোৱে।

Related Articles