আজিৰ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগতো বিশুদ্ধ খোৱা পানীৰ নামত দূষিত পানী সেৱন কৰি অহা এই খন অসম মূলুকৰে এটা অঞ্চল এয়া৷
যি সময়ত চৰকাৰে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰি আহিছে জল জীৱন মিছন আঁচনি৷

যি খন আঁচনিৰ জড়িয়তে চৰকাৰে হৰ ঘৰ নল, হৰ ঘৰ জলৰ শ্লোগান আওৰাইছে৷
চৰকাৰ খনৰ তেনে অভিলাষী আঁচনিয়ে ঢুকি পোৱা নাই বিলাসীপাৰা মহকুমাৰ গাতে লাগি থকা পৰ্বতঝোৰাৰ আমঝোৰা অঞ্চল৷
আমঝোৰা অঞ্চলবাসীৰ বাবে চৰকাৰৰ এনে আঁচনি যেন এক নুবুজা সাঁথৰ হে৷

মাটি খান্দি পানী উলিয়াই তৃষ্ণা নিবাৰণ কৰি আহিছে দুৰ্গম অঞ্চলটোৰ বাসিন্দা সকলে৷

