মুখ, নাক, চকু; ওঁঠৰ অস্ত্ৰোপচাৰ কৰি বহু অভিনেত্ৰী হ’ল কুৎসিত। জন্মতে কোনোৱেই নিখুঁত নহয়। নিখুঁত হ’বলৈ চেষ্টা কৰিব লাগিব। গ্লেমাৰ উদ্যোগৰ সুন্দৰ মুখৰ আঁৰৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য। বহু সময়ত অভিনেত্ৰীসকলৰ মুখত আকৰ্ষণীয় পৰিৱৰ্তন দেখা গৈছিল। আজি আপোনালোকক জনাম বলীউডৰ অভিনেত্ৰীসকলj সৌন্দৰ্য আঁৰৰ ৰহস্যৰ বিষয়ে। বহু চেলিব্ৰিটিয়ে নিজকে ফিট কৰি ৰাখিবলৈ জিমলৈ যায়, ঠিক সেইদৰে তেওঁলোকেও কচমেটিক চাৰ্জাৰীৰ সহায় লৈ নিজৰ মুখখন ধুনীয়া আৰু আকৰ্ষণীয় কৰি তুলে। বিগত সময়ত একাংশ অভিনেত্ৰীয়ে এই চাৰ্জাৰি কৰিছিল। এনে চাৰ্জাৰি কৰি বহু অভিনেত্ৰী ধুনীয়া হৈছিল আৰু বহু অবিনেত্ৰী দেখিবলৈ বেয়া হৈ পৰিছিল। সেই অভিনেত্ৰীসকল কোন কোন জানেনে…
প্ৰিয়ংকা চোপ্ৰাঃ প্ৰিয়ংকা চোপ্ৰাই যেতিয়া এটা সময়ত নাকৰ অস্ত্ৰোপচাৰ কৰিছিল তেতিয়া বহু লোকে প্ৰিয়ংকাক সমালোচনা কৰিছিল।
শিল্পা শ্বেট্টীঃ বলীউডৰ তাৰকা শিল্পা শ্বেট্টীৰ বিৰুদ্ধেও নাকৰ অস্ত্ৰোপচাৰৰ অভিযোগ উত্থাপন হৈছিল। অৱশেষত শিল্পাই নিজে স্বীকাৰ কৰিলে ক’লে যে হয় মই নাকৰ অস্ত্ৰোপচাৰ কৰিলোঁ।
অনুষ্কা শৰ্মাঃ ওঁঠৰ আকৃতি কৃত্ৰিমভাৱে সুন্দৰ কৰি তোলাৰ বাবে অনুষ্কা শৰ্মাক ট্ৰ’ল কৰা হৈছিল। পিছত তেওঁ ক’লে যে মই লিপ জবক বম্বে ভেলভেট ছবিখনৰ চৰিত্ৰটোৰ বাবে এই কাম কৰিলোঁ।
উৰ্ফি জাভেদঃ নিজৰ সাহসী ষ্টাইলৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰা উৰ্ফি জাভেদে শেহতীয়াকৈ স্বীকাৰ কৰিছে যে তেওঁ নিজৰ চকু দুটা প্ৰসাধন পদ্ধতিৰে সুন্দৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু চকুৰ তলৰ ক’লা বৃত্তবোৰৰ বাবে তেওঁক ট্ৰ’ল কৰা হ’ল। কিন্তু তেওঁ ওঁঠত ফিলাৰ কৰি অনুশোচনাত ভুগিছে বুলি মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে।
কোয়েনা মিত্ৰঃ এসময়ত আইটেম ডান্সৰ জৰিয়তে বলীউডত শিৰোনাম দখল কৰা ক’য়েনা মিত্ৰাৰ কেৰিয়াৰৰ অন্ত পেলাইছিল নাকৰ চাৰ্জাৰি জৰিয়তে। এই অস্ত্ৰোপচাৰৰ তেওঁৰ বাবে সমস্যা হৈ পৰিছিল। মানুহে তেওঁক অস্ত্ৰোপচাৰৰ বাবে ট্ৰ’ল কৰিছিল। তেতিয়া খঙাল কোয়েনাই কৈচিল মোৰ মুখ, মোৰ জীৱন। মই কৰা কামৰ লগত আন মানুহৰ কি সম্পৰ্ক?

