Breaking

বিশ্বৰ পঞ্চম বৃহত্তম হীৰা তমন্নাৰ হাতত। দামী উপহাৰ আঁৰত আছে এক ৰহস্য…

0 126

তমন্না ভাটিয়া বিশ্বৰ পঞ্চম বৃহত্তম হীৰাৰ মালিক। তেওঁৰ কামত সুখী এগৰাকী বিশেষ ব্যক্তিয়ে এই দামী উপহাৰটো দিছিল তমন্নাক। দক্ষিণৰ লগতে বলীউডৰ এক চিনাকি নাম হৈ পৰিছে তমন্না ভাটিয়া। তমন্নাক উপহাৰ দিয়া এই আঙঠিটোত স্থাপন কৰা হৈছে বিশ্বৰ পঞ্চম বৃহত্তম হীৰা। খবৰ অনুসৰি তমান্না ভাটিয়াৰ হাতত আছে বিশ্বৰ ভিতৰতে পঞ্চম বৃহত্তম হীৰা ষ্টাডেড আঙঠি। এই হীৰাটোৰ ব্যয় হৈছে ২ কোটি টকা। এই হীৰাটোৰ আকৃতি অতি সুন্দৰ। আচলতে ৰামচৰণৰ পত্নী উপাসনাই এই আঙঠিটো তমন্নাহক দিছে। দৰাচলতে ‘ছ্যে ৰা নৰসিংহ ৰেড্ডী’ ছবিখনত তমান্নাৰ অভিনয়ত উপাসনা যথেষ্ট আপ্লুত হৈছিল। ইয়াৰ পিছত তেওঁ এই আঙঠিটো তমান্নাক উপহাৰ দিলে। তমন্নাৰ উপৰিও এই ছবিখনত অমিতাভ বচ্চন, কিচ্চা সুদীপ, অনুষ্কা শেট্টী, বিজয় সেঠুপতি, নয়ন্তৰা আৰু নিহাৰিকাইও মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন ৰাম চৰণৰ প্ৰযোজনাত নিৰ্মাণ কৰা হৈছিল।

এই ছবিখন ২০১৯ চনত মুক্তি লাভ কৰিছিল। যিখন আছিল বছৰৰ অন্যতম ব্লকবাষ্টাৰ ছবি। এই আঙঠিটো উপহাৰ দিয়াৰ পিছত উপাসনাই এটা পোষ্ট শ্বেয়াৰ কৰি এই বিষয়ে জনাই। য’ত অভিনেত্ৰীগৰাকীয়ে এই আঙঠিটো পিন্ধি থকা দেখা গৈছিল।


Leave A Reply