তিনিদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী। বৰঘোলা-কাহিবাৰী সংযোগী পকী দলঙৰ শুভ মুকলি…

আজিৰে পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচী লৈ বঙাইগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বঙাইগাঁৱত উপস্থিত হৈ আই নৈৰ ওপৰত বৰঘোলা – কাহিবাৰী সংযোগী পকী দলঙৰ শুভ মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। প্ৰায় ৭২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলংখনে বঙাইগাঁও আৰু বৰপেটা জিলাৰ মাজত যাতায়াত ব্যৱস্থা সুগম কৰিব। উল্লেখ্য যে ২০১১ চনৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা কৰা দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল ২০১৩ চনত।

আজিৰ এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে মন্ত্ৰী ৰঞ্জিত দাস, বিধায়ক আব্দুল বাতেন অন্ধকাৰ, প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে।ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাছত ২০২২ চনৰ ৫ ফেব্ৰুৱাৰীত তেওঁ সৃজনগ্ৰামলৈ অহাত দলংখনলৈ পুনৰ ২৯ কোটি টকা আবণ্টণ দিয়াত দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয় ৷ আজি সেই দলংখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰাৰ পিছত দলং খনেৰে হাজাৰ হাজাৰ যাত্ৰীৰ আগমন ঘটাত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ দলং মুকলিৰ পিছতে অভয়াপুৰীৰ লালমাটি দুৰামাৰীৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ দৰ্শন কৰি বঙাইগাঁও লৈ যায় মুখ্যমন্ত্ৰী গৰাকী।

Related Articles