চকুত কাজল, বগা চাৰ্ট, অনুৰাগীয়ে নায়কতকৈ খলনায়কৰ ৰুপত এই মৰমলগা শিশুটিক বেছি ভাল পায় অনুৰাগীয়ে। কিন্তু যদি আপুনি এতিয়াও চিনি পোৱা নাই, তেন্তে কওঁ যে সেয়া আন কোনো নহয়। তেওঁ হৈছে বলিউদৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। বলীউডৰ ছুপাৰষ্টাৰ সঞ্জয় দত্তৰ বলিষ্ঠ অভিনয়ে সদায় দৰ্শকক আপ্লুত কৰি আহিছে। কিন্তু সঞ্জয় দত্তৰ ব্যক্তিগত জীৱনে ছবিতকৈ বেছি লাইমলাইটত থাকে। বলীউডৰ সেই অভিনেতাসকলৰ ভিতৰত অন্যতম সঞ্জয় দত্ত। সঞ্জয় দত্ত লাভ এফেয়াৰ্ছে এগৰাকী বা দুগৰাকী নহয় ৩০৮ গৰাকীতকৈ অধিক ছোৱালীৰ লগত ডেটিং কৰিছিল। এই কথা আমি নহয়, সঞ্জয় দত্তই নিজেই তেওঁৰ এটা সাক্ষাৎকাৰত কৈছিল।
মনোৰঞ্জনৰ বাতৰি অনুসৰি সঞ্জয় দত্তই ১৯৭২ চনত ৰেশমা ঔৰ শ্বেৰা ছবিত শিশু শিল্পী হিচাপে কাম কৰিছিল। তাৰ পিছত ১৯৮১ চনত ৰকি ছবিত অভিনয় কৰি আলোড়নৰ সৃষ্টি কৰিছিল অভিনেতাগৰাকীয়ে। সঞ্জয় দত্তৰ কেৰিয়াৰত ড্ৰাগছৰ আসক্তিৰ বাবে সমগ্ৰ চলচ্চিত্ৰ জীৱন স্তব্ধ হৈ পৰে যদিও তাৰ পিছত অভিনেতাগৰাকীয়ে ইমানেই শক্তিশালী প্ৰত্যাৱৰ্তন ঘটালে যে সকলো আচৰিত হৈ পৰে। ড্ৰাগছৰ বাহিৰেও বহু বিতৰ্কত সঞ্জয় দত্তৰ নাম আহিছিল যদিও অভিনেতাজনে কেতিয়াও পিছলৈ ঘূৰি নাচালে । ৬৪ বছৰ বয়সতো অবিৰতভাৱে ছবি কৰি আছে অভিনেতা সঞ্জয় দত্তই। এতিয়া চাউথৰ হাই বাজেটৰ ছবি লিঅ’ত দেখা যাব সঞ্জয় দত্তক।

