চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ নৱনিৰ্মিত কাৰ্যালয় মুকলি কৰিলে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই।
উদ্বোধন কৰাৰ পূৰ্বে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্তই শ্বহীদ বেদী উন্মোচন কৰে।
মায়ামৰাৰ গায়ন-বায়নেৰে ৰঙা ফিটা কাটি নৱ নিৰ্মিত কাৰ্যালয়টো সাধাৰণ সম্পাদক গৰাকীয়ে মুকলি কৰাৰ পিছতে মুকলি সভা অনুষ্ঠিত হয়।
ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত, মুকলি সভাত শ্বহীদ পৰিয়ালৰ সদস্য আৰু চাবুৱা অঞ্চলৰ গণ্য মান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে৷