গ্ৰীষ্মকালীন ফলমূলবিলাকৰ ভিতৰত এবিধ উত্তম ফল মধুৰিআম বা গুৱাভা। মধুৰিআম দেখাত নাচপতিৰ দৰে। কেঁচাতে সেউজীয়া যদিও পকিলে পাতল হালধীয়া বা গুলপীয়া দেখা যায়। ভিতৰত অসংখ্য গুটিৰে ভৰা। বিভিন্ন প্ৰকাৰৰ মধুৰিআমবোৰৰ ভিতৰভাগ বগা যদিও এবিধৰ পকিলেও ওপৰভাগ সেউজীয়া আৰু ভিতৰভাগ বেঙুনীয়া দেখা যায়। মধুৰিআম খাবলৈ মিঠা লাগে।
মধুৰিআম সকলো ঠাইতে সহজভাৱে গজি ডাঙৰ হৈ কেইবামিটাৰ ওখ হোৱা বহুবৰ্ষজীৱী উদ্ভিদ। মধুৰিআমৰ উপকাৰিতা অনেক। ইয়াত কমলাতকৈ চি ভিটামিন আৰু খনিজ লৱণ বেছিকৈ পোৱা যায়। পুষ্টিকৰ খাদ্য হিচাপে আয়ৰন আৰু ফলিক এচিডো পোৱা যায়। মধুৰিআম খালে কোষ্ঠকাঠিন্য দূৰ হয়। পুৰুষসকলৰ বাবেও মধুৰিআম বৰ উপকাৰী। আঘাত পোৱা ঠাইত মধুৰিআমৰ পাত খুন্দি লেপি দিলে উপশম পোৱা যায়। নাকেৰে তেজ ওলালে মধুৰিআমৰ ৰস দিলে তেজ বন্ধ হয়। মুখৰ ভিতৰত ঘা হ’লে মধুৰিআমৰ পাত খুন্দি ৰস মুখত লৈ থাকিলে ঘা ভাল হয়। পেটৰ কৃমি দূৰ কৰা আৰু তেজ হাগনী হ’লে মধুৰিআম খালে সুফল পোৱা যায়। মধুৰিআমে শাৰীৰিকভাৱে শক্তি প্ৰদান কৰে। হজমী শক্তি বঢ়ায়, কলেষ্টৰেল কমায় আৰু ওজনো হ্ৰাস কৰে। কাহ আৰোগ্য পাবলৈ হ’লেও মধুৰিআম খাব লাগে। গৱেষকসকলে গৱেষণা কৰি পোৱা তথ্য মতে, মধুৰিআম এণ্টিঅক্সিডেণ্টযুক্ত। কেন্সাৰ প্ৰতিষেধক, এজমা, উচ্চ ৰক্তচাপ, খজুৱতি, দাঁতৰ ৰোগ, হাওঁফাওঁৰ দুৰ্বলতা আদি অনেক ৰোগৰ বাবে অতি উৎকৃষ্ট ফল। একাপ মধুৰিআমৰ ৰসত থকা পুষ্টিকৰ উপাদানসমূহ এনেদৰে পোৱা যায়-
কেলচিয়াম- ৫০ মি:গ্ৰা:,
কাৰ্বহাইড্ৰেট- ১৯.৬ মি:গ্ৰা:,
ফাইবাৰ- ৮.৯ মি:গ্ৰা:,
ফেট- ০.৯ মি:গ্ৰা:,
ফছফৰাছ- ৪৮ মি:গ্ৰা:,
প্ৰ’টিন-১.৩৫ মি:গ্ৰা:,
ভিটামিন এ- ৪১২ মি:গ্ৰা:,
ভিটামিন বি- ১.১৫ মি:গ্ৰা:,
ভিটামিন চি- ৪৯৪ মি:গ্ৰা:,
কেল’ৰি- ৪৪ মি:গ্ৰা:।
লেখিকা: কবিতা ফুকন