বকুল বনৰ কবি আনন্দ চন্দ্র বৰুৱাৰ জেষ্ঠ পুত্ৰ পৰজ বকুল বৰুৱা। দেওবাৰে গুৱাহাটী ডাউন টাউন হাস্পাতলত মৃত্যু হয়। ২২ জুলাইত ডাউন টাউন হাস্পাতলত ভৰ্তি কৰাইছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নী পুত্ৰ আৰু এগৰাকী কন্যাক এৰি যায়। প্ৰয়াত পৰজ বকুল বৰুৱা অইল ইণ্ডিয়াৰ মুখ্য প্ৰৱন্ধক হিচাপে কাৰ্যনিবাহ কৰিছিল।
তেখেতৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা টীয়কৰ ঢেকীয়াখোৱাৰ জন্মগৃহলৈ আনি পিতৃ বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ সমাধিৰ কাষত শেষকৃত্য সম্পন্ন কৰে। খবৰটো বিয়পাৰ লগে লগে অসংখ্য গুণমুগ্ধই ঢেকীয়াখোৱাৰ বকুল বনৰ কবি চোতালত ভিৰ কৰে আৰু যোৰহাটৰ সুযোগ্য সন্তান গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। লগতে এয়া সমগ্ৰ ঢেকীয়াখোৱা অঞ্চলৰ বাবে এক বৃহৎ ক্ষতি বুলি সকলোৱে মত প্ৰকাশ কৰে।তেওঁৰ শেষকৃত্য অনুষ্ঠানত বৃহত্তৰ টীয়কৰ বিভিন্ন দল সংগঠনৰ নেতা, সামজিক ব্যক্তিকে ধৰি ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

