১৯৯২ চনৰ ২০ আগষ্ট তাৰিখে নেপালী ভাষাক আধুনিক ভাৰতীয় ভাষা হিচাপে সংসদত গৃহিত হোৱাৰ পিছত প্ৰত্যক বছৰেই ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ বিভিন্ন জিলা সমুহতো ২০ আগষ্ট তাৰিখক “নেপালী ভাষা মান্যতা দিবস” হিচাপে পালন কৰি আহিছে নেপালী ভাষী বিভিন্ন সংগঠন সমুহে।
তেনেকৈয়ে ২০ আগষ্ট তাৰিখে ওদালগুৰি জিলা নেপালী সাহিত্য সভাৰ উদ্যোগত ৩৫তম্ বাৰ্ষিক নেপালী ভাষা মান্যতা দিবস উদযাপন কৰা হয়। অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ সভাপতি তিল বাহাদুৰ ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত ৩৫তম্ নেপালী ভাষা মান্যতা দিবস কাৰ্যসূচীৰ আঁত ধৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক দ্বিপেন্দ্ৰ সাপকোটাই। জিলা সমিতিৰ উপ সভাপতি মোহন কুমাৰ ছেত্ৰীয়ে পৰিচালনা কৰা সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি ভাষাৰ প্ৰয়োজনীয়তা আৰু সংৰক্ষণ বিষয় বক্তব্য আগবঢ়ায়ে ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা সাহিত্য একাডেমী অনুবাদ পুৰস্কাৰ প্ৰাপক পুষ্পধৰ বাঁচতোলাই।
মুখ্য অতিথিৰূপে উপস্থিত থাকি নেপালী ভাষাৰ লগতে অসমৰ জাতীয় ভাষাকো সম মৰ্য্যদা সহকাৰে গ্ৰহণ কৰি ঐক্যবদ্ধভাবে আগুৱাই যাব লাগে বুলি বক্তব্য আগবঢ়ায়ে বিশিষ্ট সাহিত্যিক, ৰাষ্টীয় পুৰস্কাৰ প্ৰাপ্ত কৃতি শিক্ষক বিদ্যাপতি দাহালে। উক্ত সভাতেই ওদালগুৰিৰ লগতেই অসমৰ ভিতৰতেই উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত নেপালী ভাষাত এশ শতাংশ নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলক নগদ ধনৰ লগতে একোখনকৈ প্ৰশংসা পত্ৰ প্ৰদান কৰি অহিমান কাৰ্কী ছাত্ৰ পুৰস্কাৰ প্ৰদান কৰা হয়।
উক্ত সভাত অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ সভাপতি পবন লুইঁটেল, ভাৰতীয় গোৰ্খা পৰিসংঘ ওদালগুৰি জিলা সমিতিৰ সভাপতি খৰ্গ প্ৰসাদ শৰ্মা, অসম নেপালী সাহিত্য সভা কেন্দ্ৰীয় সাহিত্য সম্পাদক লক্ষ্মণ অধিকাৰী, কেন্দ্ৰীয় সদস্য ৰেবতী ৰমণ সাপকোটা, গোৰ্খা দমাই যুব সংঘ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা খৰ্গ বাহাদুৰ চিৱা, কেন্দ্ৰীয় সভাপতি মোহন কুমাৰ ৰণপহেঁলী, অসম গোৰ্খা বিশ্বকৰ্মা সংঘ ওদালগুৰি জিলা সমিতিৰ সভাপতি পুষ্পলাল বিশ্বকৰ্মা, সাধাৰণ সম্পাদক কৰণ বিশ্বকৰ্মা, বিটিআৰ গোৰ্খা সমাজ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিপক নিৰোলা, অহিমান কাৰ্কী ন্যাস সমিতিৰ পুৰস্কাৰ দাতা বাবুল ছেত্ৰী, বিপুল ছেত্ৰীকে মহিলা প্ৰকোষ্ঠ সমিতিৰ বিষয়ববিয়াকে ধৰি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত স্বৰ্গীয় তাৰাপতি উপাধ্যায় ভবনত ৩৫তম্ নেপালী ভাষা মান্যতা দিবস আয়োজন কৰা হয়।

