মানকাচৰৰ তেলিপাৰাত চাঞ্চল্যঃ পালক পুত্ৰই ৭০ বছৰীয়া বৃদ্ধা মাতৃক ঘৰৰ পৰা মাৰপিট কৰি খেদি অগ্নিসংযোগ কৰাৰ বিৰুদ্ধে থানাত গোচৰ…

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ, মানকাচৰ থানাৰ অন্তৰ্গত তেলিপাৰা গাঁৱত ব্যাপক প্ৰতিঞিয়াৰ সৃষ্টি হৈছে। এজাহাৰৰ প্ৰতিলিপিত উল্লেখ কৰা মতে তেলিপাৰাৰ কফিল উদ্দিনৰ পত্নী ছামিনা বেওাৰ নিজৰ দুজনী ছোৱালী আছিল। কিন্তু নিজৰ কোনো পএ সন্তান নোহোৱাত আত্মীয়ৰ পৰা এজন কেচুৱা লৰা সন্তান পালক হিচাপে লৈছিল। সৰুৰে পৰা ছামিনা বেওা নিজৰ সন্তানৰ নিচিনা কৈ আদৰ স্নেহ কৰি ভৰণ পোষণ দি ডাঙৰ দীঘল কৰিছিল । পালক পুএ সন্তান জনৰ নাম আছিল আব্দুল ছামাদে সম্পতিৰ লোভত বৃদ্ধা ৭৫ বছৰীয়া মাতৃক বহুদিন ধৰি শাৰীৰিক, মানশিক আদি নিৰ্যাতন চলাই আছিল সকলো সম্পত্তি তেওঁৰ নামত লবলৈ ।

পালক পাষণ্ড জনে বৃদ্ধা মাতৃ ছামিনা বেওাক মাৰধৰ কৰি নিজৰ ঘৰৰ পৰা উলিয়াই দিয়াত প্ৰাণৰ ভয়ত নিজৰ আত্মীয়ৰ ঘৰত আশ্ৰয় লয়। ইপিনে সেই সুযোগ গ্ৰহণ কৰি বৃদ্ধা মাতৃ গৰাকীৰ ঘৰত কোনো নথকাত পুৱতি নিশা ২ বজাত পাষণ্ড পুত্ৰ আব্দুল ছামাদ আৰু তেওঁৰ সহযোগী ছানোৱাৰ হোছেইন পিতা আব্দুল কাহিয়াব তেলিপাৰা আৰু কুকুৰ মাৰা গাঁও পঞ্চায়তৰ বোৱালীয়া গাওঁৰ অবুৰ উদ্দিনৰ পুএ মজিয়াল হক মোশাৰপ হোছেইন আৰু মোস্তাফিজুৰ বৃদ্ধা মাতৃ গৰাকীৰ ঘৰত অগ্নিসংযোগ কৰি ঘৰখন সম্পূৰ্ণ ৰোপে জ্বলাই দিয়াৰ সন্দেহত মানকাচৰ থানাত উক্ত আচামী সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লবলৈ গোচৰ দিয়ে। ইপিনে বৃদ্ধা মাতৃ গৰাকীৰ ঘৰত জুই লগাই ভষ্মিভুত কৰাত স্থানীয় ৰাইজে আজি ঘটনা স্থলীত উপস্থিত হৈ আচামী সকলক গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন শ্লোগানদি আকাশ বতা কপাই তোলে আৰু আৰক্ষীক ঘটনাৰ চৰজমিন তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী জনায় । এতিয়া আৰক্ষী আৰু জিলা প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ’ব।

Related Articles