Breaking

বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ ভেৰগাৱ জিলা সমিতি গঠন

0 84

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৫ নৱেম্বৰঃ বৃহস্পতিবাৰে ওডালগুৰি জিলাৰ ভেৰগাৱস্থিত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ ভেৰগাৱ জিলা সমিতি গঠনৰ উদ্দেশ্যে এখন সাধাৰণ সভা অনুস্থিত হয়৷ লুহাং খুংগুৰ দৈমাৰীৰ সভাপতিত্বত অনুস্থিত সভাখনত মহকুমাটোৰ অন্তৰ্গত প্ৰতিটো বিভাগৰ প্ৰায় শতাধিক চৰকাৰী কৰ্মচাৰী উপস্থিত থাকে৷

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সম্পাদক নবীন কলিতাই৷ উক্ত সভাত তিলক ৰামচিয়াৰীক সভাপতি, ভানু বসুমতাৰী, শ্যামল নাৰ্জাৰীক উপ-সভাপতি, জিতু মজুমদাৰক সাধাৰণ সম্পাদক, গৌতম দৈমাৰী, সাধুৰাম বড়োক যুটীয়া সম্পাদক আৰু অলংবাৰ বসুমতাৰীক কোষাধ্যক্ষ হিচাপে লৈ বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ ৪১ জনীয়া ভেৰগাৱ জিলা সমিতিখন আনুষ্ঠানিকভাৱে গঠন কৰা হয়৷

সভাত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপক কুমাৰ ৰামচিয়াৰী, উপদেষ্টা গৌতম বড়োইও উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

Leave A Reply