তেজপুৰৰ বাসগৃহত শিশু কল্যাণ পৰিষদে উদযাপন কৰে ডা০ লক্ষ্মী গোস্বামীৰ ৮৮ সংখ্যক ওপজা দিন…

বিশিষ্ট সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ বাসগৃহতে সৃষ্টি হৈছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ তিনিটিকৈ কালজয়ী গীত। প্ৰয়াত হোমেন বৰগোহাঞি আৰু ড০ হীৰেন গোহাঁইৰ সৈতে থকা ঘনিষ্ঠ স্মৃতি ৰোমন্থন। সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ আটাইতকৈ প্ৰিয় ঠাই তেজপুৰৰ বিশিষ্ট চিকিৎসক, তথা সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীৰ বাসগৃহতে সুধাকণ্ঠ গৰাকীয়ে সৃষ্টি কৰিছিল তিনিটাকৈ কালজয়ী গীত ক্ৰমে – “শীতৰে সেমেকা ৰাতি, বিমূৰ্ত মোৰ নিশাটি আৰু আজি কি আনন্দ পেখোঁ বিশ্বৰে ছন্দত। আনহাতে” মোৰ লক্ষ্য স্হান তেজপুৰ আৰু এই পৃথিৱী এক ক্ৰীড়াংগন “শীৰ্ষক গীত দুটিও বিশেষ পৰিৱেশত তেজপুৰতে ভূপেনদাই সৃষ্টি কৰিছিল বুলি আজি নিজৰ ৮৮ সংখ্যক ওপজা দিনত মন্তব্য কৰে ৰাজ্যখনৰ এগৰাকী বৌদ্ধিক চিন্তা চৰ্চাৰ গৰাকী, বিশিষ্ট চিকিৎসক – সমাজকৰ্মী ডা০ লক্ষ্মী গোস্বামীয়ে ।উল্লেখ্য যে ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ মজিয়াত শিশু বিকাশ একাডেমী, কৰুণাধাৰাৰ তেজপুৰ শাখা, দ্বিপশিখা কেন্সাৰ কেয়াৰ চেন্টাৰৰ পৰা তেজপুৰ পাৰিপাৰ্শ্বিক সমাজলৈকে বিভিন্ন অনুষ্ঠান গঢ়ি তোলা, বহু শৈক্ষিক – সামাজিক অনুষ্ঠানৰ নেতৃত্ব বহন কৰা, দৃঢ় মনোবলৰ অধিকাৰী ডা০ লক্ষ্মী গোস্বামী বৰ্তমান সময়ত শাৰীৰিক অসুস্থতাত ভূগি থকাৰ মাজতে আজি ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাৰ বিষয়ববীয়া আৰু শোণিতপুৰ শিশু বিকাশ একাডেমীৰ শিক্ষক – কৰ্মচাৰী সকলে কেতেকীবাৰীৰ বাসগৃহতে কেক কাটি উদযাপন কৰে ৮৮ সংখ্যক ওপজা দিন। বিদূষী মহিলা গৰাকীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা অৱসৰপ্ৰাপ্ত অধ্যাপক আনন্দ বৰুৱা, পূৰ্ণেশ্বৰ নাথ, তেজপুৰৰ প্ৰায়সকল সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু একাংশ শুভাকাংক্ষীৰ উপস্থিতিত ওপজা দিনৰ এনে আনন্দপূৰ্ণ পৰিৱেশৰ মাজতে ১৯৮৫ চনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈও অতি সপ্ৰতিভ আৰু মানসিক দৃঢ়তাৰে আৰ্ত আৰু দুৰ্গত লোকৰ কল্যাণৰ হকে অহোপুৰুষাৰ্থ কৰি ডা০ লক্ষ্মী গোস্বামী এইবাৰ জড়িত হ’ব তেজপুৰত নতুনকৈ শোণিতপুৰ জিলা প্ৰশাসনৰ জৰিয়তে আৰম্ভ হ’ব লগা এক বৃদ্ধাশ্ৰমৰ জৰিয়তে।

উল্লেখ্য যে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ বিশেষ তৎপৰতাত অতি কম সময়ৰ ভিতৰতে শুভাৰম্ভ হ’ব লগা এই বৃদ্ধাশ্ৰম পৰিচালনা কৰিব ডা০ লক্ষ্মী গোস্বামী সভাপতি হিচাপে থকা ভাৰতীয় শিশু কল্যাণ পৰিষদৰ তেজপুৰ শাখাই ।এই কথা আজি নিজৰ ওপজা দিনটোত সাংবাদিকৰ আগত সদৰী কৰে ডা০ গোস্বামীয়ে। তেজপুৰত এটা বৃদ্ধ আবাসৰ যথেষ্ট প্ৰয়োজনীয়তা আছিল যদিও সেয়া হৈ উঠা নাছিল যদিও শেহতীয়াকৈ শোণিতপুৰৰ উপায়ুক্ত গৰাকীয়ে ইয়াৰ বাবে অহাত ইয়াৰ তদাৰকৰ দায়িত্ব শিশু কল্যাণ পৰিষদে গ্ৰহণ কৰিব বুলি জানিবলৈ দি যথেষ্ট উৎফুল্লিত হৈ পৰে ডা০ গোস্বামী। আনহাতে এই বৃদ্ধ আৱাসৰ নাম ইতিমধ্যে “তপোবন” দিয়াৰ সিদ্ধান্তৰ কথাও সদৰী কৰে।


আনহাতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্কৰ বাবে বহু নিশা পাৰ কৰা বিশ্ব বন্দিত শিল্পীগৰাকীয়ে তেওঁৰ ঘৰতে কেনে মুহূৰ্তত কি কি গীত সৃষ্টি কৰিছিল সেইকথাও এনেদৰে জানিবলৈ দিয়ে বিদূষী মহিলাগৰাকীয়ে ।উল্লেখ্য যে, প্ৰয়াত বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঞি আৰু বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁইৰ সৈতেও থকা ঘনিষ্ঠ সম্পৰ্কৰ সন্দৰ্ভতো বিভিন্ন স্মৃতি ৰোমন্থন কৰি দুয়োগৰাকী বৰেণ্য সাহিত্যিকে ইজনে সিজনক যথেষ্ট সন্মান কৰিছিল বুলি কৈ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ সময়ত প্ৰহৃত হৈ চিকিৎসাধীন হ’ব লগা ড০ হীৰেন গোহাঁইৰ কাষত থিয় দিয়া প্ৰথমগৰাকী ব্যক্তি হোমেন বৰগোহাঞি আছিল বুলি কয়।

Related Articles