মাদাৰ্ছ ডে’ লৈ শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান

পৰিচালক বিক্ৰমজিত দাসৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত অসমীয়া চুটি ছবি ‘মাদাৰ্ছ ডে’ তামিলনাডুত অনুষ্ঠিত হৈ যোৱা শান্তা দেব আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসবত শ্ৰেষ্ঠ এচিয়ান চুটি ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

মাতৃ আৰু কন্যাৰ সম্বন্ধক লৈ নিৰ্মিত এই চুটি ছবিখনত অভিনয় কৰিছে সুজিতা ডেকা, নন্দিনী ৰাজখোৱা আৰু পদুমী ডেকাই।

উল্লেখ্য যে উক্ত চুটি ছবি খনে ইতিমধ্যে এঘাৰখনকৈ আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত নিৰ্বাচিত তথা প্ৰদৰ্শিত হৈছে।

নগাঁৱৰ সন্তান বিক্ৰমজিত দাসৰ এই সফলতাই সংস্কৃতি প্ৰেমী ৰাইজৰ মাজত স্বাভাৱিকতে আনন্দৰ সৃষ্টি কৰিছে

Related Articles