অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ তামুলপুৰ জিলা সমিতিয়ে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলে সন্মুখীন হৈ থকা সমস্যা সমাধানৰ দাবীত আজি তামুলপুৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।অংগনবাড়ী কৰ্মীক ১২ হাজাৰ আৰু সহায়িকাক ১০ হাজাৰ টকা পাৰিশ্ৰমিক প্ৰদান কৰা, অৱসৰীসকলৰ এক কালীন সাহায্য ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ ব্যৱস্থা কৰা, অসমৰ অংগণবাদী কৰ্মী সহায়িকাক গ্ৰেচুইটি দিয়াৰ ব্যৱস্থা কৰা , সহায়িকাক পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ সীমা উঠাই লোৱা , কৰ্মৰত কৰ্মীক মুখ্য সেৱিকা পদলৈ পদোন্নতি দিয়াৰ ব্যৱস্থা কৰা , অসম ৰাজ্যিক অঙ্গনবাদী কেন্দ্ৰৰ গৃহ উন্নতমান বিশিষ্ট কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।

