দৰং মহাবিদ্যালয়ত পৰিৱেশ্য কলা কেন্দ্ৰ আৰু যোগাসন প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্বোধন…

দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশমণি শইকীয়াই উদ্ধোধন কৰা এই কেন্দ্ৰসমূহৰ উদ্ধোধনী ভাষণ প্ৰসংগত উল্লেখ কৰে যে তেজপুৰ হৈছে অসমীয়া আধুনিক সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ। ইয়াত পাৰদৰ্শিতাৰ অভাৱ নাই। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ মহাবিদ্যালয়ৰ সমূহৰ ভিতৰত দৰং মহাবিদ্যালয়ত প্ৰথমটো পাৰফমিং আৰ্টছ কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি তেখেতে ভাষণ প্ৰসংগত উল্লেখ কৰে।পাৰফমিং আৰ্টছ কেন্দ্ৰৰ সংগীত বিভাগত প্ৰশিক্ষণ প্ৰদান কৰিব দৰং মহাবিদ্যালয়ৰ ১৯৯২-৯৩চনৰ শ্ৰেষ্ঠ গায়কৰ সন্মান লাভ কৰা তথা তেজপুৰৰ এজন বিশিষ্ট সংগীত শিল্পী মনোজ নাথ। সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰিব বিশিষ্ট নৃত্য শিল্পী তথা সাংস্কৃতিক মন্ত্ৰালয়ৰ ফেলোশ্বিপ লাভ কৰা ড০ প্ৰতিভা শৰ্মাই । যোগাসন কেন্দ্ৰত যোগা প্ৰশিক্ষণ প্ৰদান কৰিব শোণিতপুৰ জিলা ক্ৰীড়া বিষয়া কাৰ্য্যলয়ৰ যোগা প্ৰশিক্ষণ তথা ৰাষ্ট্ৰীয় যোগা ৰেফাৰী নমিতা লহকৰে। পাৰফমিং আৰ্টছ কেন্দ্ৰ শিক্ষক তত্বাৱধানত হিচাপে থাকিব দৰং মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ অৰুন্ধতী ডেকা নাথ আৰু যোগাসন প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষক তত্বাৱধানত হিচাপে থাকিব দৰং মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপিকা সম্পূৰ্ণা খাউণ্ড আৰু বড়ো বিভাগৰ অধ্যাপক জিনদাউ বসুমতাৰী।

অনুষ্ঠানত ভাষণ প্ৰসংগত নমিতা লহকৰ বাইদেউৱে উল্লেখ কৰে যোগাসন বৰ্তমান ক্ৰীড়া লৈ পয্যবেশিত হৈছে সেইবাবে ছাত্ৰ-ছাত্ৰীসকলে ইয়াক নিজৰ বৃত্তি হিচাপেও গ্ৰহণ কৰিব পাৰে। মনোজ নাথদেৱে ভাষণ প্ৰদানৰ লগতে এটি জ্যোতি সংগীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে । বিশেষ কাৰণ ড০ প্ৰতিভা শৰ্মা উপস্থিত থাকিব নোৱাৰিলেও তেখেতৰ প্ৰতিনিধি প্ৰেৰণা বৈশ্যই এটি সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি সকলোকে অভিভূত কৰে। উদ্ধোধনী অনুষ্ঠানটি পৰিচালনা কৰে দৰং মহাবিদ্যালয় গুণগত মান নিৰ্ধাৰন কোষৰ সমন্বয়ক ড০ স্বপ্নালী কাকতিয়ে।অনুষ্ঠানত দৰং মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ খীৰেন্দ্ৰ হালৈ, দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক ড০ মনোজ কুমাৰ হাজৰিকা, অৰ্পিতা শৰ্মা, দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপিকা মীৰা দত্তৰ লগত অধ্যাপক-অধ্যাপিকা সকল আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।

Related Articles