বৃহস্পতিবাৰে প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত গুৱাহাটী মানবেন্দ্ৰ শৰ্মা সোঁৱৰণী খেলপথাৰত চৰকাৰৰ বিৰুদ্ধে চাৰ্কুলাৰ দাহ আৰু কংগ্ৰেছ দল শাসনলৈ আহিলে ২০০ ইউনিট বিজুলী বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতিৰে শপত বাক্য পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে।

গৌৰৱ গগৈয়ে কয়,”ৰাজ্যৰ জনসাধাৰণে অনিয়ন্ত্ৰিত বিদ্যুৎ মাচুল আদায় দিবলৈ অসমৰ্থ হৈ পৰিছে। চৰকাৰ নিৰ্লিপ্ত। মিছা প্রতিশ্ৰুতি আৰু চাৰ্কুলাৰ প্ৰদান যেন চৰকাৰৰ অভ্যাস হৈ পৰিছে। দৈনিক অভাৱনীয় ভাৱে মূল্য বৃদ্ধি আৰু বিদ্যুৎৰ মাচুলৰ অতিৰিক্ত বোজাই জনতাক কোঙা কৰি পেলাইছে”।

