বৃহস্পতিবাৰে নিশা বৰ্ণিহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমিত সিন্হাৰ নেতৃত্বত চলোৱা এক অভিযানত জব্দ কৰা হয় এই চোৰাং সোণখিনি। উল্লেখযোগ্য যে এক গোপন সূত্ৰৰ পম খেদি বৰ্ণিহাট আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ কৰা হয় ৭ টাকৈ সোণৰ বিস্কুট আৰু এই সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় দুটাকৈ চোৰাং সোণ সৰবৰাহকাৰীক। লগতে এই অভিযানত এটা মোবাইল ফোন আৰু নগদ ১০০০০ টকা জব্দ কৰিবলৈ সক্ষম হয় বৰ্ণিহাট আৰক্ষীয়ে।
জব্দকৃত চোৰাং সোণখিনিৰ ওজন ৮১৬.৩১ গ্ৰাম আৰু ইয়াৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৭ লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। এই সমস্ত ঘটনা সন্দৰ্ভত বৰ্ণিহাট আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী ক্ৰমে এগৰাকী মহিলা সৰবৰাহকাৰী আৰু সন্দীপ কুমাৰ সোণাৰৰ সৈতে অধিক তথ্য উদ্ঘাটনৰ বাবে সোধপোচ আৰম্ভ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।

