তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ আহ্বানত শনিবাৰে আয়ুক্ত কাৰ্যালয় চৌহদত নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে কৰ্মচাৰীসকলে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে।
নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবীত তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদে তামুলপুৰ আয়ুক্ত কাৰ্যালয় চৌহদত তিনি ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।

পুৱা ১১ বজাৰ পৰা ২ বজালৈ তামুলপুৰ আয়ুক্ত কাৰ্যালয় চৌহদত তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদে ৩ ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসুচী ৰুপায়ন কৰি নতুন পেঞ্চন বাতিল কৰি পুৰণি পেঞ্চন বাহাল ৰাখক, পুৰণি পেঞ্চন আমাৰ প্ৰাপ্য আদি বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হয়।
-তামুলপুৰৰ পৰা প্ৰসাদ দাস

