বটদ্ৰৱাৰ চমকাত নিৰুদ্দেশ শিশু

নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত চমকা গাঁৱৰ পৰা এগৰাকী শিশু নিৰুদ্দেশ হোৱাৰ ঘটনাই পৰিয়ালত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, চমকা গাঁৱৰ মুস্তাফিজুৰ ৰহমানৰ বোবা কন্যা উম্মে ছালামা (৮) যোৱা ১১ অক্টোবৰৰ দিনা দুপৰীয়া নিজ গৃহৰ পৰা নিৰুদ্দেশ হয়।

পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ- খোচাৰ কৰিও এতিয়ালৈকে ছালমাৰ কোনো সন্ধান লাভ কৰিব পৰা নাই।

যদি কোনোবা লোকে কথা ক’ব নোৱাৰা উম্মে ছালমাৰ সন্ধান পায় তেন্তে 9387791564 নম্বৰত যোগাযোগ কৰিবলৈ মাতৃ তাচলিমা বেগম আৰু পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।


Related Articles