কামৰূপ জিলাৰ সাতগাঁও ইলেভেন ষ্টাৰ ক্লাৱৰ উদ্যোগত মান্দাকাটা আঞ্চলিক বৰ নিজৰা (বাকা) খেলপথাৰত প্ৰাইজমানি ফুটবল খেল প্ৰতিযোগীতা আৰম্ভ। ৪ দিনীয়াকৈ হবলগীয়া প্ৰাইজমানী খেলপ্ৰতিযোগীতাখনিৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তৱ্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ।

বাঁহগড়া আঞ্চলিক এফ চি আৰু বাইহাটা চাৰিআলি এফ চি মাজত অনুষ্ঠিত তীব্ৰ উত্তেজনা উদ্বোধনী খেলখনত বাঁহগড়া আঞ্চলিক এফ চি ২-০ গলত জয় লাভ কৰে। উদ্বোধনী অনুষ্ঠানত সম্বৰ্ধনা অনুষ্ঠানত ছাইন স্কুল অৱ লাৰ্ণিঙৰ সঞ্চালক চাইনিং মাৰাক বিশিষ্ট সমাজকৰ্মী তথা প্ৰতিযোগিতাৰ পুৰস্কাৰ দাঁতা চফিক আলী মিৰ্জা আৰু মফিজ আলীৰ লগতে কেইবাগৰাকীও গণ্যমান্য লোকক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

