তামুলপুৰৰ কুমাৰীকাটাত পথ দুৰ্ঘটনা, নিহত এগৰাকী মহিলা; আহত আন কেইবাজনো…

তামুলপুৰৰ কুমাৰীকাটাত নিশা ভয়াবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত এগৰাকী মহিলা আৰু আহত আন কেইবাজনো। নিহত মহিলা গৰাকী দক্ষিণ কুমাৰীকাটাৰ গীতা ডেকা( ৫০) আনহাতে গুৰুতৰ ভাৱে আহত কেইগৰাকী হল ৰূপম ডেকা ,ধৰিত্ৰী ফুকন ডেকা,ঋষি শৰণীয়া আৰু ফটিক আৰ্য্য।

প্ৰত্যক্ষদৰ্শীৰ বিৱৰণী মতে বৈদেশিক ৰাষ্ট্ৰ ভূটানৰ দিশৰ পৰা তীব্র বেগত অহা এখন ২২ চকীয়া ট্ৰেইলাৰ বাহনে এজন স্কুটী আৰোহীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই সোঁ-ফালে পথৰ কাষত থকা এখন চাহৰ দোকানত সোমাই যায় ফলত চাহ দোকানৰ গৰাকী গীতা ডেকা থিতাতে নিহত হোৱাৰ উপৰিও তেওঁৰ পুত্ৰ ৰূপম ডেকা, বোৱাৰী ধৰিত্ৰী ফুকন ডেকা, ঋষি শৰণীয়া আৰু ফটিক আৰ্য গুৰুতৰ ভাৱে আহত হয়। ঘটনাৰ খবৰ পাই ওচৰ চুবুৰীয়া আৰু আৰক্ষী ৰ লোক আহি মৃত গীতা ডেকা আৰু আন কেইজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। পিছত গুৰুতৰ ভাৱে আহত সকলক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা হয়।

পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে ঘটনাৰ খবৰ পোৱা মাত্ৰে তামুলপুৰ জিলাৰ আয়ুক্ত,আৰক্ষী অধীক্ষক, তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

Related Articles