বহু ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত আজি নাজিৰা মহকুমাৰ নগৰৰ মাজমজিয়াত থকা বশিষ্ট গংগা খ্যাত দিখৌনৈৰ ঘাটত বিসৰ্জন দিয়া হয় কেবাজনাও দুৰ্গতিনাশিনী দেৱী দুৰ্গা প্ৰতিমাৰ । নাজিৰা মহকুমাৰ প্ৰশাসনে প্ৰতিমা বিসৰ্জনৰ ক্ষেত্ৰত বান্ধি দিয়া নিয়মাৱলী পালন কৰি সকলো আয়োজন সমিতিয়েই বিসৰ্জন দিয়ে প্ৰতিমা সমুহ । প্ৰতিমা বিসৰ্জনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰিতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহকুমা প্ৰশাসনৰ ফালৰ পৰা নাজিৰা দিখৌ নৈৰ পাৰ ঘাটত যথেষ্ট সংখ্যক আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান , দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগ মোতায়ন কৰা হয়।

বৃহত্তৰ নাজিৰা মহকুমাৰ লিগিৰী পুখুৰী , নাজিৰা ষ্টেচন তিনিআলিৰ , নাজিৰা গেলেকী তিনিআলিৰ , নাজিৰা মিলন মন্দিৰ , নাজিৰা পূজা মন্দিৰ ,মেজেঙ্গা, নাজিৰা অ’এন জি চি আৱাসিক অঞ্চল , নাজিৰা চাৰিআলিকে ধৰি বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰতিমা সমুহ ধৰ্মীয় পৰম্পৰাৰে বিসৰ্জন দিয়া হয় । এই বাৰ নাজিৰা মহকুমাৰ সকলো স্থানতে সম্পূৰ্ণ শান্তিপূৰ্ণ ভাৱে দূৰ্গা পূজা আটাইকেইটা দিন পাৰ হয়। আজিৰ দেৱীৰ বিৰ্সজনস্থলীত শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ কিছু সময়ৰ বাবে উপস্থিত থাকে।

