সমাগত শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। দ্বাদশ সংখ্যক বৃহত্তৰ সোণাপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ বাবে সাজু হৈছে উদযাপন সমিতি। অহা ২৬ নৱেম্বৰৰৰ পৰা ৪ ডিচেম্বৰলৈ ৯দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা ৰাস মহোৎসৱৰ আজি স্থায়ী ৰাস স্থলীত ধৰ্মীয় ৰীতি নীতিৰে লাই খুঁটা স্থাপন কৰা হয়।
ইয়াৰ সমান্তৰালকৈ সোণাপুৰ নতুন বজাৰত ৰাস মহোৎসৱৰ কাৰ্য্যালয়ৰ শুভ উদ্বোধন কৰা হয়। উল্লেখ্য যে বৃহত্তৰ সোণাপুৰ আঞ্চলিক ৰাস মহোৎসৱত সমূহ ৰাইজৰ সহায় সহযোগিতাৰ আৰু উপস্থিতিৰে ৰাস মহোৎসৱ খনি সাফল্য মণ্ডিত কৰাৰ আহ্বান জনাইছে উদযাপন সমিতিয়ে।

