অভিনেত্ৰী ৰেঞ্জুশা মেননৰ আত্মহত্য়া…

অভিনেত্ৰী ৰেঞ্জুছা মেননৰ মৃত্যু। ৩৫ বছৰীয়া অভিনেত্ৰীগৰাকীৰ ফ্লেটত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ। মৃতদেহ উদ্ধাৰ হোৱা বাসগৃহতে স্বামীৰ সৈতে বাস কৰিছিল অভিনেত্ৰীগৰাকীয়ে। একাংশ খবৰ অনুসৰি কিছুদিন ধৰি আৰ্থিক সমস্যাৰ সৈতে যুঁজি আছিল অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে চিনেমা জগতত শোকৰ ছাঁ পেলাইছে।


বৰ্তমান আৰক্ষীয়ে এই সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। অৱশ্যে প্ৰথম দৃষ্টিত এই গোচৰটো আত্মহত্যা যেন লাগে। বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব। এই সমগ্ৰ বিষয় তিৰুৱনন্তপুৰমৰ। খবৰ অনুসৰি এইগৰাকী অভিনেত্ৰী কোচিৰ বাসিন্দা। তেওঁ টিভি শ্ব’ৰ এংকৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ টিভিৰ পৰ্দাত ভৰি থয়।

ৰেঞ্জুছাই বহু ছবিত অভিনয় কৰিছে। এই ছবিসমূহৰ ভিতৰত আছে ‘চিটি অৱ গড’, ‘বম্বে মাৰ্চ’, ‘কাৰ্যস্থান’, ‘অন ৱে টিকট’, থভুথা দ্বীপু। এই সকলোবোৰ চৰিত্ৰই অভিনেত্ৰীগৰাকীক বিখ্যাত কৰি তুলিছিল আৰু ঘৰে ঘৰে চিনাকি হৈছিল।

Related Articles