বুধবাৰে ঐশ্বৰ্য ৰায় বচ্চনে ৫০ বছৰীয়া জন্মদিন উদযাপন কৰিলে। এই বিশেষ অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে কন্যা আৰাধ্যাৰ সৈতে জন্মদিনৰ কেক কাটিলে। ইয়াৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। প্ৰাক্তন মিছ ৱৰ্ল্ড তথা বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চনে জন্মদিন উদযাপন কৰা ভিডিঅ’ ভাইৰেল হৈ পৰিছে।
আনহাতে এটা ভিডিঅ’ট ঐশ্বৰ্যই কেক কাটিবলৈ ওলোৱাৰ লগে লগে তাত উপস্থিত থকা সকলো পাপাৰাজীয়ে গান গাবলৈ আৰম্ভ কৰে। ঐশ্বৰ্যৰ জন্মদিনত বহু অনুৰাগীয়ে শুভেচ্ছা জনাইছে। কিন্তু কেক কটাৰ সময়ত অভিষেক বচ্চন বা বচ্চন পৰিয়ালৰ কোনো সদস্যক দেখা পোৱা নগ’ল। এই সুখৰ উপলক্ষে ঐশ্বৰ্যৰ সৈতে কেৱল তেওঁৰ কন্যা আৰাধ্যা বচ্চনকহে দেখা গ’ল।
এই বিশেষ অনুষ্ঠানত আৰাধ্যাইও মাকক বহুত প্ৰশংসা কৰে। তাই কয় মা তুমি সকলোকে সহায় কৰা। তুমি মহান, এই কথা শুনি ঐশ্বৰ্য অলপ আৱেগিক হৈ পৰে। আপোনালোকক কওঁ যে আৰাধ্যা মাকৰ অতি ঘনিষ্ঠ।

