ভুৱা গ্ৰেপ্তাৰৰ ভিডিঅ’ নিৰ্মাণ কৰি বিপদত উৰ্ফি জাভেদ, মুম্বাই আৰক্ষীয়ে গ্ৰহণ কৰিব ব্যৱস্থা…

উৰ্ফি জাভেদৰ ভুৱা গ্ৰেপ্তাৰঃ কালিৰে পৰা ভাইৰেল হৈ পৰিছে উৰ্ফি জাভেদৰ এটা ভিডিঅ’। য’ত আৰক্ষীয়ে উৰ্ফিক অদ্ভুত কাপোৰ পিন্ধা বুলি গ্ৰেপ্তাৰ কৰে। এই ভিডিঅ’ নিৰ্মাণ কৰি বিপদত পৰিছে উৰ্ফি। ভুৱা গ্ৰেপ্তাৰৰ এই ভিডিঅ’টোক লৈ মহাৰাষ্ট্ৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে উৰ্ফিৰ বিৰুদ্ধে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে। অস্বাভাৱিক ফেশ্বনৰ ৰাণী উৰ্ফি জাভেদ প্ৰায়ে তেওঁৰ অদ্ভুত শৈলীৰ বাবে শিৰোনামত থাকে। উৰ্ফি জাভেদৰ গ্ৰেপ্তাৰৰ এই ভিডিঅ’টো ভুৱা আছিল, যিটো তেওঁ এটা ফেশ্বন ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে বনাইছিল। ভুৱা গ্ৰেপ্তাৰৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে মুম্বাই আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে।



মুম্বাই আৰক্ষীয়ে সন্ধিয়া অফিচিয়েল ইনষ্টাগ্ৰামত এই ভুৱা গ্ৰেপ্তাৰৰ ভিডিঅ’টো পোষ্ট কৰিছে। উৰ্ফিৰ ভিডিঅ’টোৰ অস্পষ্ট স্ক্ৰীণশ্বট লৈ মুম্বাই আৰক্ষীয়ে পোষ্টটোত লিখিছে- সস্তীয়া প্ৰচাৰৰ বাবে কোনেও দেশৰ আইন উলংঘা কৰিব নোৱাৰে! মুম্বাই আৰক্ষীয়ে অশ্লীলতাৰ গোচৰত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰা ভাইৰেল ভিডিঅ’টো সঁচা নহয়।

Related Articles