আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল অসমৰ সু সন্তান

নতুন দিল্লীৰ হোটেল ললিতত অনুষ্ঠিত হোৱা D-30 শীৰ্ষক অনুষ্ঠানত ডাঃ বেদব্ৰত পাঠকক প্ৰদান কৰা হ’ল “International Youth Icon Award 2023″।

৩০ খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতিত অসম সন্তান গৰাকীক প্রদান কৰা হল এই সন্মানীয় বঁটা।

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানত উত্তৰৰ পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি বিশেষ বক্তা হিচাপে ভাষণ প্ৰদান কৰে ডাঃ পাঠকে।

নাইজেৰিয়া, কানাডা, অষ্ট্ৰিয়া আদিকে ধৰি প্ৰায় ৩০ খন দেশৰ প্ৰতিনিধিৰ সন্মুখত সাৱলীল ভাষণ ডাঃ পাঠকৰ।

ডাঃ পাঠকৰ ভাষণ শুনি অভিভূত বিদেশী প্ৰতিনিধি।

ড্ৰাগছ মুক্ত ভাৰত ড্ৰাগছ মুক্ত পৃথিৱীৰ শীৰ্ষক কনক্লেভত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা ডাঃ বেদব্ৰত পাঠকৰ।

Related Articles