‘সাথ নিভানা সাথিয়া’ৰ বিখ্যাত অভিনেত্ৰী অপৰ্ণা কানেকাৰৰ দেহাৱসান, ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ…

‘সাথ নিভানা সাথিয়া’ৰ অভিনেত্ৰী অপৰ্ণা কানেকাৰ আৰু নাই এই পৃথিৱীত। টিভি উদ্যোগৰ এক হৃদয় বিদাৰক খবৰ। জনপ্ৰিয় টিভি শ্ব’ সাথ নিভানা সাথিয়া ফেম অভিনেত্ৰী অপৰ্ণা কানেকাৰ আৰু নাই এই পৃথিৱীত। জানকী বা মোডীৰ চৰিত্ৰৰে ঘৰুৱা নাম হৈ পৰা অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰে সমগ্ৰ টিভি উদ্যোগত শোকৰ ছাঁ পেলাইছে।


৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্য়াগ কৰে অপৰ্ণা কানেকাৰে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অপৰ্ণা কানেকাৰৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু অপৰ্ণা কানেকাৰৰ মৃত্যুত সমগ্ৰ টিভি উদ্যোগ স্তম্ভিত হৈ পৰিছে। অভিনেত্ৰী গৰাকীৰ আত্মাৰ শান্তিৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে। দেৱলীনা ভট্টাচাৰ্যৰ পৰা আৰম্ভ কৰি তনয়া শৰ্মালৈকে অপৰ্ণা কানেকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। পৰ্ণা কনেকাৰে ২০১১ চনত জানকী বা হিচাপে সাথ নিভানা সাথিয়াত প্ৰৱেশ কৰিছিল।

Related Articles