মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত গোগামুখৰ মিংমাঙত চাফাই অভিযান; অন্ধবিশ্বাস-কু-সংস্কাৰ বিৰুদ্ধে সজাগতা

মিচিং জনজাতিসকলৰ পিতৃস্বৰূপ সংগঠন মিচিং বানে কেবাঙৰ উদ্যোগত, মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে, টি এম এম কেৰ সহযোগত আৰু মিচিং গাঁৱবোৰৰ গামসকলৰ নেতৃত্বত মিচিং অধ্যুষিত অঞ্চল তথা গাঁওসমূহত অন্ধবিশ্বাসৰ, কু-সংস্কাৰ বিৰুদ্ধে সজাগতা অনা, নিজৰ ঘৰ আৰু গাঁওসমূহ পৰিস্কাৰ-পৰিছন্ন কৰি ৰখাৰ অভিযান সমগ্ৰ মিচিং জনজাতি অধ্যুষিত গাঁওসমূহত আৰম্ভ হৈছে ৷ 

অন্য মিচিং গাঁওসমূহৰ দৰে  আজি ধেমাজি জিলাৰ গোগামুখৰ মিংমাং অঞ্চলটো  মিচিং জাতীয় সংগঠনসমূহৰ সহযোগত আৰু গামসকলৰ নেতৃত্বত পথে পথে, গাঁৱে গাঁৱে, ঘৰে ঘৰে, নামঘৰ, মুৰংঘৰকে ধৰি ৰাজহুৱা স্থানসমূহত চাফাই অভিযান চলোৱা হয় ৷

মিংমাং আবতানি গাঁৱৰ পৰা আৰম্ভ কৰা উক্ত চাফাই অভিযান উদ্বোধন কৰে মিচিং বাঃনৗ কৗবাঙৰ সভাপতি পৰমানন্দ চায়েঙ্গীয়াই ৷ চাফাই অভিযানটো শুভাৰম্ভ কৰি তেওঁ কয়-  মিচিং বাঃনৗ কৗবাঙৰ উদ্যোগত, মিচিং জাতীয় সংগঠন সমূহৰ উপস্থিতিত  ২০৲৫ চনত গোগামুখত অনুষ্ঠিত হোৱা  মিচিং জাতীয় মহাধিৱেশনত গৃহীত ‘গোগামুখ ঘোষণা’

অনুসৰী মিচিং সমাজৰ সামাজিক, ‘সাংস্কৃতিক, অৰ্থনৈতিক সংস্কাৰ বিভিন্ন কাৰ্যসূচী, অন্ধবিশ্বাস-কু-সংস্কাৰ দুৰীকৰণ স অভিযান ৩০৩০ অন্তৰ্গত  দঃলুং পৰিস্কাৰ-পৰিছন্ন কৰাৰ কথা ঘোষণা কৰা হৈছিল ৷ 

উক্ত ঘোষণাৰ অংশ হিচাপে আজি  মিংমাং গাঁও পঞ্চায়তৰ  অন্তৰ্গত আবতানি গাঁৱৰ পৰা দঃলুং গাম, জাতীয় সংগঠনৰ নেতৃবৃন্দৰ সহযোগত চাফাই অভিযান আৰম্ভ কৰা বুলি দোহাৰে ৷ তেওঁ লগতে উক্ত চাফাই অভিযানত  সকলো ৰাইজৰ সহযোগিতা কামনা কৰে আৰু মিচিং বাঃনৗ কৗবাঙৰ ঘোষণাক কাৰ্যকৰী কৰাত সহযোগ কৰিবলৈ আহ্বান জনায় ৷

শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা অভিযানটোত  তদাৰক কৰে টি এম পি কেৰ কেন্দ্ৰীয় সদস্য সঞ্জীৱ মিলিয়ে ৷ তেওঁ চাফাই অভিযানক সফল ৰূপ দিবলৈ সকলোৰে প্ৰচেষ্টাৰ প্ৰয়োজন হ’ব বুলি মন্তব্য দিয়াৰ লগতে প্ৰতি দেওবাৰে চাফাই অভিযান চলোৱা হ’ব বুলি দোহাৰে ৷ 

Related Articles