আজি বিশ্বকাপত আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা…

আজি আহমেদাবাদত অনুষ্ঠিত হ’ব দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ মাজত বিশ্বকাপৰ খেলখন। এই বিশ্বকাপত তিনিখন মেচ অনুষ্ঠিত হৈছে আৰু ইয়াৰে কোনো এখনতে ৩০০ ৰানৰ স্ক’ৰ কৰা হোৱা নাই। আজি দিনৰ ২ বজাত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত দুয়োটা দল মুখামুখি হ’ব। দক্ষিণ আফ্ৰিকাৰ বাবে এই মেচখন ১৬ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেল খেলখনৰ বাবে এক অনুশীলনৰ দৰে হ’ব।

এই বিশ্বকাপত আফগানিস্তানে ৮খন মেচৰ ভিতৰত ৪খন খেলত জয়লাভ কৰি উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। ইংলেণ্ড, পাকিস্তান, শ্ৰীলংকাৰ দৰে দলক পৰাস্ত কৰিছিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধেওজয়ৰ ওচৰ চাপিছিল যদিও মেক্সৱেলে হৰুৱাই দিলে। আনহাতে দক্ষিণ আফ্ৰিকাই এই বিশ্বকাপত চেম্পিয়নৰ দৰে খেলিছিল। তেওঁৰ ৮ খন মেচৰ ভিতৰত ৬ খনত জয়লাভ কৰে।

আফগানিস্তানঃ ৰহমানুল্লাহ গুৰবাজ, ইব্ৰাহিম জাদ্ৰান, ৰহমত শ্বাহ, হাছমাতুল্লাহ শ্বাহিদী (অধিনায়ক), আজমাতুল্লাহ উমৰজাই, মহম্মদ নবী, ইক্ৰাম আলী খিল (wk), ৰছিদ খান, ফজলহাক ফাৰুকী/মুজিব উৰ ৰেহমান, নূৰ আহমেদ, নবীন-উল-হক।

দক্ষিণ আফ্ৰিকা : কুইণ্টন ডি কক (wk), টেম্বা বাভুমা (অধিনায়ক), ৰাছি ভান ডেৰ ডাচেন, আইডেন মাৰ্ক্ৰাম, হাইনৰিচ ক্লাচেন, ডেভিদ মিলাৰ, মাৰ্কো য়ানচিন, কেশ্বভ মহাৰাজ, টাব্ৰাইজ শ্বামচি, জেৰাল্ড কোটজি, এণ্ডিলে ফেহলুকৱায়ো।


Related Articles