চিলাপথাৰত খেল মহাৰণ আৰম্ভ ! ৰাইজৰ ব্যাপক সঁহাৰি…

চিলাপথাৰত খেল মহাৰন আৰম্ভ। ৰাইজৰ ব্যাপক সঁহাৰি।

চৰকাৰে গাঁৱৰ সুপ্ত প্ৰতিভা উলিয়াই অনাৰ লক্ষ্যৰে আৰম্ভো কৰিছে খেল মহাৰন___২০২৩-২৪। Iar লগতে সংগতি ৰাখি দুদিনীয়াকৈ চিলাপথাৰ গাঁও পঞ্চায়তৰ সিলগাও খেলপথাৰত আৰম্ভ হ’ল পঞ্চায়ত ভিত্তিক খেল প্ৰতিযোগীতা। পঞ্চায়ত সভাপতি অনুপ দাসে উদ্ধোধন কৰা প্ৰতিযোগিতাৰ উদেশ্য বাখ্যা কৰে সচিব ৰূপম চুতীয়াই।

প্ৰাক্তন সেনা জোৱান দীপাংকৰ সোণোৱালে অলিম্পিক শিখা প্ৰজ্বলন আৰু শপত বাক্য পাঠ কৰোৱাৰ পিছতে অনুষ্ঠিত হ’ল ল’ৰা আৰু ছোৱালীৰ ১০০,২০০,৪০০ আৰু ৮০০ মিটাৰ দৌৰ আদি বিভিন্ন এথলেটিকচ প্ৰতিযোগিতা । বিওলি অনুষ্ঠিত হ’ল কাবাডী খেল।

অন্তিম দিনা ল’ৰা আৰু ছোৱালীৰ শাখাৰ মাজত ফুটবল আৰু ভলীবল খেল প্ৰতিযোগীতা অনুষ্ঠিত হ’ব। কৰ্যসুচিত জেষ্ঠ্য সমাজকৰ্মী পোৱাল সোণোৱাল,শিক্ষক জ্ঞানধৰ সোণোৱাল,ব্ৰজেন বাগলাৰী,ৱাৰ্ড সদস্য নিপন সোণোৱালৰ লগতে বিভাগৰ পৰ্যবেক্ষক হিচাপে তপন সুত্ৰধৰ,ধৰ্মৰঞ্জন নৰহ আৰু লোনামনি দলেৰ লগতে তিৰ্থেশ্বৰ বৰা,হৰিশমোহন পেগু,দিগন্ত সোনোৱাল, মানিক সোনোৱাল আদি বহু লোক উপস্থিত থাকে।

Related Articles